নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা ক্ৰিকেটত অভিলেখ ৰচিলে মিতালী ৰাজে

বিশেষ বাৰ্তা, ১২ মাৰ্চঃ নিউজিলেণ্ডত চলি থকা মহিলা বিশ্বকাপত ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ অধিনায়ক মিতালী ৰাজে বৃহৎ অভিলেখ ৰচিলে। হেমিল্টনৰ ছেডন পাৰ্কত চলি থকা আজিৰ খেলখনত ভাৰতীয় দলক নেতৃত্ব দি বিশ্বকাপৰ ইতিহাসতে মিতালীয়ে সবাতোকৈ বেছি শৃংখলাত নেতৃত্ব দিয়া মহিলা ক্ৰিকেটাৰ হিচাপে অভিলেখ স্থাপন কৰিছে। ২৩ খন মেচৰ নেতৃত্ব দিয়া অষ্ট্ৰেলিয়ান টীমৰ প্ৰাক্তন অধিনায়ক বেলিণ্ডা ক্লাৰ্কৰ অভিলেখ ভংগ কৰিলে মিতালীয়ে। আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা মেচখন মিতালীয়ে নেতৃত্ব দিয়া ২৪ সংখ্যক খেল। বিশ্বকাপত এতিয়ালৈ দুখন খেলৰ এখনত ভাৰতে জয় হৈছে আৰু আন এখনত পৰাজিত হৈছে।

You might also like