নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰাইঘাট কলেজত মহিলা কোষৰ বিশেষ অনুষ্ঠান

অনুভৱ কুমাৰ, চাংসাৰি ১২ মাৰ্চ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জালুকবাৰী সমষ্টিৰ চাংসাৰিস্থিত শৰাইঘাট মহাবিদ্যালয়তো ৮ মাৰ্চত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস । ইয়াৰ লগত সংগতি ৰাখি কেতবোৰ ইতিবাচক আৰু মনোগ্ৰাহী অনুষ্ঠানেৰে সজীৱ হৈ উঠে শৰাইঘাট কলেজ প্ৰাংগণ। বিশেষকৈ আজিৰ প্ৰেক্ষাপটত নাৰী দিৱসৰ প্ৰাসংগিকতাৰ চৰ্চাৰ আৰে আৰে ছাত্ৰীয়ে পৰিৱেশন কৰা দুই এটা মায়াসনা গীত আৰু কবিতাৰ স্পন্দনে জীপাল কৰি তোলে শিক্ষানুষ্ঠানখনৰ বাকৰি। মহাবিদ্যালয়খনৰ  মহিলা কোষৰ উদ্যোগত উদযাপিত নাৰী দিৱসৰ প্ৰথম কাৰ্যসূচীটোৱে অাছিল গছপুলি ৰোপণ। পাঁচ জোপাকৈ নাহৰৰ পুলি চৌহদত ৰোপণ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মনি শৰ্মা , প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰাম নাৰায়ণ গোস্বামী আৰু অৱসৰপ্ৰাপ্ত অধ্যাপিকা অৰ্পনা ৰাজখোৱাই। ইয়াৰ পাছতে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী প্ৰমুখ্যে ছাত্ৰী সকলৰ উপস্থিতিত প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলন আৰু এটা সমবেত সংগীত কাৰ্যসূচীৰে শুভাৰম্ভ কৰি নাৰী দিৱসৰ এক সুন্দৰ সাৱলীল অনুষ্ঠান ৰূপায়ণ কৰা হয়। শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ড° সংগীতা বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত অধ্যক্ষ ড° মনি শৰ্মাই আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰসংগত বিভিন্ন যোগাত্মক দৃষ্টিভংগী উত্থাপনৰ জৰিয়তে ছাত্ৰী সকলক শক্তিশালী হোৱাৰ লগতে সাহসিকতাৰে নিজৰ লক্ষ্যত উপনীত হবলৈ অনুপ্ৰেৰণা যোগায়। আনহাতে বক্তৃতা অনুষ্ঠানৰ মাজতে তথা নাৰী দিৱসৰ দিনটোত শৰাইঘাট মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ দ্বাৰা সুন্দৰ উপস্থাপনেৰে হাতে লিখা বছৰেকীয়া মুখপত্ৰ ‘অন্বেষণ ‘ উন্মোচন কৰা হয় । সমান্তৰালকৈ শিক্ষা বিভাগৰ মুৰম্বী অধ্যাপিকা ড° লতিকা ডেকা আৰু  একেটা বিভাগৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা তৃষ্ণা চৌধুৰীয়ে লিখি উলিওৱা ‘ ভাৰতৰ শিক্ষাৰ ইতিহাস’ নামৰ পাঠ্যপুথি খনো উন্মোচন কৰা হয়।
You might also like