নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পর্শকাতৰ ৰাজ্যত প্রতিষেধক প্রদান হ্রাস নকৰিবলৈ মোদীৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ৭ মেঃ ক’ভিড স্পর্শকাতৰ ৰাজ্যসমূহত প্রতিষেধক প্রদান হ্রাস নকৰিবলৈ নির্দেশ দিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ লকডাউনৰ পৰিস্থিতিতো উক্ত ৰাজ্যসমূহৰ নাগৰিকসকলক প্রতিষেধক প্রদান কৰাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছে৷ দেশৰ সাম্প্রতিক ক’ভিড পৰিস্থিতিক লৈ বৃহস্পতিবাৰে অনুষ্ঠিত এখন পর্যালোচনা বৈঠকৰ সময়ত প্রধানমন্ত্রীগৰাকীয়ে এই আহ্বান জনায়৷ একে সময়তে প্রতিষেধক প্রদানত কর্তব্যৰত স্বাস্থ্যকর্মীসকলক আন কর্তব্যলৈ স্থানান্তৰ নকৰিবলৈও সংশ্লিষ্ট জিলাসমূহক তেওঁ আহ্বান জনাইছে৷

কালিৰ এই সভাখনতে এক লাখতকৈ অধিক ৰোগী থকা ১২খন ৰাজ্যৰ পৰিস্থিতিৰ বিষয়ে প্রধানমন্ত্রীগৰাকীক্ অৱগত কৰোৱা হয়৷ আজিৰ সভাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধন উপস্থিত থাকে৷

You might also like