সোমবাৰে মুখ্যমন্ত্রীসকলৰ সৈতে মোদীৰ বিশেষ বৈঠক
নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ ক’ভিড–১৯ৰ গণ টিকাকৰণৰ ক্ষণ গণি থকাৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা সোমবাৰে টিকাকৰণ সন্দর্ভত দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ সৈতে ভিডি’ কনফাৰেঞ্চযোগে বার্তালাপ কৰিব৷ এই বার্তালাপৰ পাছতেই দেশজুৰি গণ টিকাকৰণৰ তাৰিখ, সময় নির্ধাৰণ কৰা হ’ব বুলি কেন্দ্রীয় চৰকাৰৰ শীর্ষ সূত্রত প্রকাশ পাইছে৷ উল্লেখ্য যে যোৱা ৩ ডিচেম্বৰত দেশীয়ভাৱে বিকশিত দুটাকৈ ক’ভিড–১৯ৰ ভেকচিনৰ গণ টিকাকৰণৰ অনুমতি জনোৱাৰ পাছত ১০ দিনৰ ভিতৰতে এই টিকাকৰণ অভিযান আৰম্ভ কৰা হ’ব বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘোষণা কৰিছে৷ ১৩ জানুৱাৰীত ১০ দিনৰ সময়সীমা স্পর্শ কৰাৰ পূর্বে ১১ জানুৱাৰীত প্রধানমন্ত্রী মোদীয়ে দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্রীৰ সৈতে বার্তালাপ কৰিব৷ ইপিনে অক্সফ’ড ভেকচিন ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভাক্সিন টিকাকৰণৰ বাবে ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই অনুমতি প্রদান কৰাৰ পাছত ক’ভাক্সিন বিকশিত কৰা ভাৰত বায়’টেকে ন’জেল কৰোনা ভাইৰাছ ভেকচিন দেশত মানৱ দেহত প্রথম পর্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি বিচাৰিছে৷ ভাৰত বায়’টেকে ডি চি জি আইলৈ অনুমতি বিচাৰি পত্র প্রেৰণ কৰিছে৷ লক্ষণীয় যে ইতিপূর্বে ভাৰতত গণ টিকাকৰণৰ বাবে অনুমতি দিয়া ক’ভিড–১৯ প্রতিষেধক বেজীৰ জৰিয়তে শৰীৰত প্রদান কৰা হয়৷ ভাৰত বায়’টেকে প্রথম পর্যায়ৰ পৰীক্ষণৰ বাবে ডি চি জি আইক অনুমতি বিচৰা ন’জেল ক’ৰোনা ভাইৰাছ ভেকচিনটো নাকৰ জৰিয়তে প্রদান কৰা হ’ব৷ জানিব পৰা মতে, ভাৰত বায়’টেকৰ ন’জেল ভেকচিন সন্দর্ভত ভাৰত বায়’টেকে প্রদান কৰা পত্র এতিয়ালৈকে ডি চি জি আয়ে পর্যালোচনা কৰা নাই৷ নিৰাপদ আৰু ফলপ্রসূ ভেকচিনৰ বাবে তিনিটা পর্যায়ত পৰীক্ষণ সম্পন্ন কৰিব লাগে৷ ভাৰত বায়’টেকে প্রথম পর্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি বিচাৰি নাকেৰে প্রদান কৰা ক’ৰোনা ভাইৰাছ ভেকচিনৰ ক্ষেত্রত এখোপ আগবাঢ়িছে৷ লক্ষণীয় যে ন’জেল ভেকচিন প্রদান কৰিলে চিকিৎসা সামগ্রীৰ ব্যৱহাৰ হ্রাস পায়৷ লগতে সময়ৰো কম ব্যৱহাৰ হয়৷ নাকেৰে ভেকচিন প্রদান কৰিলে চিৰিঞ্জ ব্যৱহাৰ কৰিব নালাগে৷ মন কৰিবলগীয়া যে গণ টিকাকৰণৰ বাবে আজি হোৱা কেন্দ্রীয় চৰকাৰৰ নির্দেশত দেশৰ প্রতিখন ৰাজ্যৰ প্রতিখন জিলাৰ ক’ভিড ভেকচিন ড্রাইৰান চলোৱা হয়৷
ড্রাইৰান সম্পন্ন ঃ শীঘ্রে লাভ কৰিব ভেকচিন
শীঘ্রে আৰম্ভ হ’বলগীয়া ক’ৰোনা ভাইৰাছৰ টিকাকৰণ প্রক্রিয়াত যাতে কোনোধৰণৰ ত্রুটী ৰৈ নাযায়, তাৰ বাবে দেশজুৰি কেন্দ্রীয় চৰকাৰে অব্যাহত ৰাখিছে ক’ভিড ভেকচিনৰ ড্রাইৰান প্রক্রিয়া৷ ইয়াৰ অংশস্বৰূপে আজি দেশৰ আন প্রান্তৰ লগতে ৰাজ্যতো ক’ভিড ভেকচিনৰ ড্রাইৰান অনুষ্ঠিত হয়৷ ৰাজ্যৰ বিভিন্ন জিলাৰ চৰকাৰী–বেচৰকাৰী হাস্পতালত এই ড্রাইৰান অনুষ্ঠিত কৰা হয়৷ কামৰূপ মহানগৰ জিলাত তিনিটা কেন্দ্রত ক’ভিড ভেকচিনৰ ড্রাইৰান সম্পন্ন কৰা হয়৷ মহানগৰীৰ ধীৰেনপাৰা এফ আৰ ইউ, নটবমা প্রাথমিক স্বাস্থ্যকেন্দ্র আৰু আঠগাঁৱৰ মাৰোৱাৰী হাস্পতালত ড্রাইৰান অর্থাৎ ক’ভিড ভেকচিন প্রদানৰ অনুশীলন কৰা হয়৷ প্রতিটো কেন্দ্রত প্রতিষেধক প্রদানৰ বাবে ২৫জনকৈ হিতাধিকাৰী বাছনি কৰা হয়৷ এই ড্রাইৰান প্রক্রিয়াৰ সময়ত ভেকচিন প্রদানৰ ক্ষেত্রত পঞ্জীয়নৰ পৰা আৰম্ভ কৰি ভেকচিন প্রদানৰ পাছত নিৰীক্ষণ কৰালৈকে সকলো ব্যৱস্থাৰ অনুশীলন কৰা হয়৷ মহানগৰীখনত অনুষ্ঠিত ড্রাইৰান প্রক্রিয়াৰ তদাৰক কৰে ৰাজ্যিক স্বাস্থ্য সেৱা সঞ্চালক মনীন্দ্র নাথ নাটে, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ বিশেষ কর্তব্যৰত বিষয়া পমী বৰুৱা, সার্বজনীন প্রতিষেধক আঁচনিৰ যুটীয়া সঞ্চালিকা ডাঃ বিনীতা গোস্বামী, ৰাজ্যিক শীতলীকৰণ বিষয়া বিমান চৌধুৰী আৰু জিলা প্রতিষেধক বিষয়া ডাঃ ভবেন্দ্র কুমাৰ দাসে৷ এই অনুশীলনৰ সময়ত সংশ্লিষ্ট কেন্দ্রকেইটাত ইউনিচেফ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিনিধিৰ লগতে ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্রবন্ধক, জিলা মিডিয়া বিশেষজ্ঞ, জিলা তথ্য প্রবন্ধক, জিলা নগৰ সমন্বয়ক আদিকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে ৰাজ্যত এয়া হৈছে তৃতীয় পর্যায়ৰ ড্রাইৰান প্রক্রিয়া৷ ইতিমধ্যে দুবাৰ ৰাজ্যখনৰ ভিন্ন প্রান্তত সম্পন্ন কৰা হৈছে ড্রাইৰান প্রক্রিয়া৷ যোৱা ২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, খানাপাৰা ৰাজ্যিক চিকিৎসালয় আৰু সোণাপুৰ জিলা চিকিৎসালয়ত প্রথম পর্যায়ৰ ড্রাইৰান সফলতাৰে সম্পন্ন হৈছিল৷ ড্রাইৰান প্রক্রিয়া কেন্দ্রীয় চৰকাৰৰ নির্দেশত ক্ষিপ্রতৰ কৰি তোলাৰ লগে লগে সমগ্র দেশৰ লগতে ৰাজ্যবাসীয়েও শীঘ্রে ক’ভিড ভেকচিন লাভ কৰাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ ইতিমধ্যে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ড০ হর্ষবর্ধনে এপষেকৰ ভিতৰতে ক’ভিড ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলি সংবাদ মাধ্যমত প্রকাশ কৰিছে৷ ইয়াৰ মাজতে অহা সোমবাৰে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভার্চুৱেল বৈঠক আয়োজন কৰিছে এই টিকাকৰণ প্রক্রিয়া সন্দর্ভত৷ এই বৈঠকতে দেশত কোন দিনাৰ পৰা প্রকৃত টিকাকৰণ আৰম্ভ হ’ব, তাৰ সবিশেষ প্রকাশ পোৱাৰ সম্ভাৱনা আছে৷