নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফৰে মিত্রতাক লৈ কোনো সিদ্ধান্ত হোৱা নাই

আজমলৰ ঘোষণাক নস্যাৎ জিতেন্দ্র সিঙৰ

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ দলৰ অভ্যন্তৰত সূত্রপাত ঘটা ক্ষোভ–সন্তুষ্টি–বিদ্রোহৰ পাছতে এ আই ইউ ডি এফৰে মিত্রতাক লৈ সুৰ সলনি হৈছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ৷ বিটিচি নির্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতাপাশত আবদ্ধ হৈ প্রতিদ্বন্দ্বিতা কৰা প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ মুখত এইবাৰ শুনা গ’ল মহাজোঁটবন্ধনৰ প্রসংগহে৷ বিধানসভা নির্বাচনত এ আই ইউ ডি এফ–কংগ্রেছৰ মিত্রতা ১০০ শতাংশ নিশ্চিত বুলি আজমলে দাবী কৰি অহাৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতি বৰাই আজি সমগ্র বিষয়টোক লৈ সংবাদ মাধ্যমৰ আগত তাৎপর্যপূর্ণ মন্তব্য কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতিজনে অতি স্পষ্টভাৱে কয়– এ আই ইউ ডি এফ সন্দর্ভত আমাৰ কোনো স্থিতি নাই৷ আমি বিষয়টো দলৰ হাইকমাণ্ডলৈ প্রেৰণ কৰিছোঁ৷ তদুপৰি আমি আৰম্ভণিতেই মহাজোঁটবন্ধনৰ কথা কৈছিলোঁ৷ আমি এতিয়াও সেই কথাই ৰাখিছোঁ৷ দলৰ হাইকমাণ্ডে এইক্ষেত্রত অনুমোদন জনালেই হ’ল৷

লক্ষণীয়ভাৱে প্রদেশ কংগ্রেছৰ সভাপতি বৰাই ইতিপূর্বে এ আই ইউ ডি এফৰে মিত্রতা স্থাপনৰ ক্ষেত্রত নমনীয় স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছিল৷ কিন্তু ইয়াক কেন্দ্র কৰি কংগ্রেছৰ অভ্যন্তৰত একাংশই কার্যতঃ বিদ্রোহ ঘোষণা কৰে৷ বিশেষকৈ যোৱা ৪ জানুৱাৰীত এ আই ইউ ডি এফৰ সভাপতি আজমলে সংবাদ মাধ্যমৰ আগত কংগ্রেছৰ সৈতে মিত্রতা ১০০ শতাংশ নিশ্চিত বুলি ঘোষণা কৰাৰ পাছতেই সাংসদ আব্দুল খালেক, বিধায়ক ৰূপজ্যোতি কুর্মী, প্রদেশ কংগ্রেছৰ অন্যতম সাধাৰণ সম্পাদক তথা প্রাক্তন মন্ত্রী মহিবুল হক, ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ টীমৰ সাধাৰণ সম্পাদক তথা প্রাক্তন বিধায়ক আলী আকবৰ মিঞা আদিয়ে ইয়াৰ তীব্র বিৰোধিতা কৰে৷ সাংসদ খালেকে বিষয়টোক লৈ প্রতিক্রিয়া ব্যক্ত কৰি অতি স্পষ্টভাৱে কৈছিল– এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ ক্ষেত্রত কংগ্রেছত দ্বিমত আছে৷ মই ব্যক্তিগতভাৱে মহাজোঁট গঠনৰ পক্ষতহে আছোঁ৷ যি মহাজোঁটত কংগ্রেছৰ সমভাবাপন্ন দল–সংগঠন থাকিব৷ সেই মহাজোঁটত এ আই ইউ ডি এফ থাকিবও পাৰে বা নাথাকিবও পাৰে৷ কিন্তু অকল এ আই ইউ ডি এফৰে মিত্রতাত মই দুর্ঘোৰ বিৰোধী৷ সেইদৰে প্রদেশ কংগ্রেছৰ অন্যতম সাধাৰণ সম্পাদক তথা প্রাক্তন মন্ত্রী মহিবুল হকে সদ্যসমাপ্ত বিটিচি নির্বাচনৰ প্রসংগ উল্লেখ কৰি কৈছিল যে বিটিচি নির্বাচনত কংগ্রেছে পৰীক্ষামূলকভাৱে এ আই ইউ ডি এফৰে মিত্রতা কৰিছিল৷ কিন্তু সেই মিত্রতা ব্যর্থ হোৱাটো ইতিমধ্যে নির্বাচনী ফলাফলত ওলাই পৰিছে৷ প্রাক্তন বিধায়ক আলী আকবৰ মিঞাই আজমলৰ দলৰে মিত্রতাৰ বিৰোধিতাৰ কথা অসম প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ লগতে শীর্ষ নেতৃত্বকো অৱগত কৰোৱাৰ কথা সংবাদ মাধ্যমৰ আগত ৰাজহুৱাভাৱে জানিবলৈ দিছিল৷ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়েও ইতিমধ্যে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা নস্যাৎ কৰিছে৷ প্রদেশ কংগ্রেছৰ ভিতৰচ’ৰাত এ আই ইউ ডি এফৰ সৈতে বহুচর্চিত মিত্রতাক লৈ এনেধৰণৰ মুকলি বিৰোধিতা তথা অসন্তুষ্টি চলি থকাৰ মাজতে সভাপতি বৰাই সুৰ সলনি কৰাটো কংগ্রেছী ৰাজনীতিৰ প্রেক্ষাপটত যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ উল্লেখ্য যে যোৱা আগষ্ট মাহতে প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীয়ে মহাজোঁটবন্ধন সম্পর্কত আনুষ্ঠানিক প্রস্তাৱ গ্রহণ কৰিছিল৷ ইয়াৰ পাছতেই প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ দিছপুৰস্থিত চৰকাৰী বাসভৱনত দুয়ো দলৰ শীর্ষ নেতৃত্ব মিলিত হৈছিল এক ৰুদ্ধদ্বাৰ বৈঠকত৷ এই বৈঠকৰ অন্তত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই প্রদেশ কংগ্রেছৰ প্রস্তাৱত এ আই ইউ ডি এফে সঁহাৰি জনোৱাৰ লগতে কংগ্রেছ মহাজোঁটবন্ধনৰ বিগ ব্রাদাৰ হ’ব বুলি মন্তব্য কৰিছিল৷ পৰৱর্তী সময়ত এ আই ইউ ডি এফৰে মিত্রতাৰ বিষয়টো কংগ্রেছ হাইকমাণ্ডে বিচাৰ–বিবেচনা কৰি থকাৰ কথা তেওঁ একাধিকবাৰ সংবাদ মাধ্যমৰ আগত প্রকাশ কৰি আহিছে৷ কিন্তু ইয়াৰ মাজতে সদ্যসমাপ্ত বিটিচি নির্বাচনত আজমলৰ দলৰ সৈতে মিত্রতাপাশত আবদ্ধ হৈ প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছিল কংগ্রেছে৷ প্রধানতঃ বিটিচি নির্বাচনত এ আই ইউ ডি এফৰে মিত্রতা স্থাপনক কেন্দ্র কৰিও প্রদেশ কংগ্রেছৰ ভিতৰচ’ৰাত বিৰূপ প্রতিক্রিয়া সৃষ্টি হৈছিল৷ যাৰ পৰিপ্রেক্ষিতত প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙে যোৱা নৱেম্বৰ মাহতে মিত্রতা সম্পর্কীয় সকলো সিদ্ধান্ত হাইকমাণ্ডে ল’ব বুলি উল্লেখ কৰি এই বিষয়ত কোনো ধৰণৰ মতামত প্রকাশ নকৰিবলৈ সকীয়াই দিছিল দলৰ নেতা–কর্মীসকলক৷ আনকি এই বিষয়ত কোনো ধৰণৰ মন্তব্য নকৰিবলৈ প্রদেশ কংগ্রেছৰ সভাপতি বৰাকো এ আই চি চিৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে সকীয়াই দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছিল৷

ইফালে, প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙে আজি মিত্রতাৰ বিষয়ত বর্তমানলৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে৷ তেওঁ কয়– মই ইতিপূর্বে এবাৰ নহয় এহেজাৰবাৰ কৈছোঁ, আজি এহেজাৰ এবাৰ কওঁ– বর্তমানলৈকে মিত্রতা সম্পর্কীয় কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই৷ এই বিষয়ত দলীয় কার্যকর্তাসকলৰ মতামত তথা অনুভূতিৰ ভিত্তিত এ আই চি চিয়ে সিদ্ধান্ত গ্রহণ কৰিব৷ কংগ্রেছ ৰাষ্ট্রীয়তাবাদী দল৷ সেয়েহে সমগ্র দেশৰ পর্যায়ত বিষয়টো বিবেচনা কৰা হ’ব৷ মিত্রতাৰ ক্ষেত্রত সমীক্ষা চলোৱাৰ কথা উল্লেখ কৰি ইতিমধ্যে এই সমীক্ষাই ৰাজ্যৰ ৫০ শতাংশ জিলা সামৰি লোৱা বুলি তেওঁ মন্তব্য কৰে৷ আজি তীর্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্রীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰগাহত প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ সৈতে উপস্থিত হোৱা পর্যবেক্ষকজনে শাসকীয় মিত্রজোঁটৰ নেতৃত্ব বহনকাৰী বিজেপিক সমালোচনা কৰি পুনৰ কয়– আগন্তুক বিধানসভা নির্বাচনত বিজেপিৰ মিছন ১০+ ফ্ল’প শ্ব’ত পৰিণত হ’ব৷ ইয়াৰ বিপৰীতে একক সংখ্যাগৰিষ্ঠতা অর্জনেৰে চৰকাৰ গঠন কৰিব কংগ্রেছে৷ সমাগত বিধনসভা নির্বাচন মুখ্যমন্ত্রী হোৱা চৰকাৰ গঠন কৰাৰ যুঁজ নহয়, ই অসমৰ ভেটি–সংস্কৃতি ৰক্ষাৰহে যুঁজহে হ’ব বুলি তেওঁ মন্তব্য কৰে৷ প্রদেশ কংগ্রেছৰ পর্যবেক্ষকজনে কংগ্রেছৰ নেতৃবৃন্দৰ মাজত মতৰ অমিল থাকিলেও আদর্শৰ কেতিয়াও অমিল নাই৷ স্মর্তব্য যে আজি হাজোত প্রদেশ কংগ্রেছ সভাপতি বৰা আৰু পর্যবেক্ষক জিতেন্দ্র সিঙক সংগ দিয়ে এ আই চি চিৰ সম্পাদক পৃথ্বিৰাজ প্রভাকৰ, অনিৰুদ্ধ সিং, বিকাশ উপাধ্যায়, বিধায়ক ৰেকিবুদ্দিন আহমেদ, কামৰূপ জিলা কংগ্রেছৰ সভাপতি ঘনশ্যাম কলিতা, প্রাক্তন বিধায়ক দ্বিপেন পাঠক আদিয়ে৷ হয়গ্রীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰগাহত উপস্থিত হোৱাৰ পূর্বে প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙকে ধৰি নেতৃবৃন্দক হাজো ব্লক কংগ্রেছৰ তৰফৰ পৰা উষ্ম সম্বর্ধনা জ্ঞাপন কৰা হয়৷

You might also like