নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ সাংবিধানিক ইতিহাসৰ ক’লা দিন

যোৱা বুধবাৰে এক অভাৱনীয় ঘটনা সংঘটিত হ’ল আমেৰিকাৰ ৰাজনৈতিক আৰু সাংবিধানিক ইতিহাসত৷ পাহৰিব নোৱাৰা এই ঘটনা সংঘটিত হ’ল বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ প্রৰোচনাতে৷ ট্রাম্পৰ হাজাৰৰো অধিক সমর্থকে ৱাশ্বিংটন ডি চিৰ ৰাজপথেৰে সমদল কৰি আহি কেপিটল হিলত আক্রমণ চলালে৷ অভূতপূর্ব এই ঘটনাৰ পূর্বে স্বয়ং ট্রাম্পেই সমর্থকসকলক উত্তেজক বক্তব্যৰে প্রৰোচিত কৰিছিল৷ ছিনেট আৰু হাউছ অৱ ৰিপ্রেজেণ্টেটিভৰ সদস্যসকলে জ’ বাইডেনক ৰাষ্ট্রপতি হিচাপে সেউজ সংকেত দিয়াটো নিশ্চিত হৈ পৰাৰ পিছতে ট্রাম্পে সমর্থকসকলক উত্তেজিত কৰি তোলাৰ চেষ্টা কৰে৷ আনকি শেহতীয়াকৈ ৰিপাব্লিকান পার্টীৰে কেইবাজনো আগশাৰীৰ জনপ্রতিনিধিয়ে নির্বাচনক লৈ ট্রাম্পে চলোৱা আইনী বিতর্কৰ মুকলি বিৰোধিতা কৰিছিল৷ ইতিমধ্যে একাধিক আদালতে নির্বাচন অবৈধ বুলি ট্রাম্পে জনোৱা আবেদন নাকচ কৰিছিল৷ শেষ মুহূর্তত উপ–ৰাষ্ট্রপতি মাইক পেন্সেও ট্রাম্পৰ শ্রুতলিপি মতে কাম কৰিবলৈ অমান্তি হয়৷ নির্বাচনৰ ফলাফল স্থগিত ৰাখিবলৈ বিহিত ব্যৱস্থা লোৱাৰ বাবে উপ–ৰাষ্ট্রপতি পেন্সক আহ্বান জনাইছিল ট্রাম্পে৷ কিন্তু পেন্সে স্পষ্ট কৰি দিয়ে যে মার্কিন গণতন্ত্রলৈ সংকট নমাই আনিব পৰা এনে কার্য তেওঁ কৰিব নোৱাৰে৷ ইয়াৰ পিছতেই কেপিটল হিলত হিংসাত্মক কার্য সংঘটিত কৰিবলৈ সমর্থকক প্রৰোচিত কৰে ট্রাম্পে৷ ১৮১৪ চনৰ যুদ্ধত ব্রিটিছ সেনাবাহিনীয়ে কেপিটল হিল ভস্মীভূত কৰাৰ পিছত এয়ে প্রথমবাৰৰ বাবে কেপিটল হিলত হিংসাত্মক আক্রমণৰ ঘটনা সংঘটিত হ’ল৷ এই ঘটনাক আমেৰিকাৰ ইতিহাসৰ অন্যতম অন্ধকাৰ দিন বুলি অভিহিত কৰা হৈছে৷ উদ্বেগৰ বিষয় যে এই ঘটনাৰ পিছতো ট্রাম্পে কোনো ধৰণৰ অনুতাপ প্রকাশ কৰা নাই৷ হতাশাগ্রস্ত বিদায়ী ৰাষ্ট্রপতিজনে কেপিটল হিলৰ ঘটনাৰ পিছতে নিজৰ পৰাজয় স্বীকাৰ কৰিলেও তেওঁ লগতে উল্লেখ কৰে যে বিগত ৰাষ্ট্রপতি নির্বাচন বৈধ নাছিল৷ কেপিটল হিল ত্যাগ কৰিবলৈ ভিডি’যোগে সমর্থকসকলক আহ্বান জনাই ট্রাম্পে কয়– তোমালোকৰ সমর্থনত মই অভিভূত৷ তেওঁ পুনৰ পৰৱর্তী ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰো ইংগিত দিয়ে৷ কিন্তু প্রথমটো কার্যকালৰ পিছতে নির্বাচনত পৰাজিত হোৱা ট্রাম্প গণতান্ত্রিক প্রমূল্যবোধৰ বাবে কিমান অনিষ্টকাৰক, সেয়া বুধবাৰৰ ঘটনাই প্রমাণ কৰিলে৷ নিজৰেই কেবিনেটে তেওঁক দায়িত্বৰ পৰা আঁতৰোৱাৰ প্রস্তাৱ লোৱাৰ বাবে চিন্তা–চর্চা কৰাৰ উমান পাই ট্রাম্পে ঘোষণা কৰে যে স্বাভাৱিক পৰিৱেশত দায়িত্ব হস্তান্তৰ কৰিবলৈ তেওঁ সাজু৷
ট্রাম্পৰ পৰাজয়ত স্বস্তিৰ নিশ্বাস পেলোৱা মার্কিন নাগৰিকসকলে নিশ্চিতভাৱে ৰাজনৈতিক ক্ষেত্রত এই বিতর্কিত নেতাজনৰ পুনৰুত্থান নিবিচাৰে৷ নির্বাচনৰ পিছত তেওঁৰ এনে আচৰণত আনকি বহু ৰিপাব্লিকান সমর্থকো ক্ষুব্ধ হৈ পৰিছে৷ কেইবাজনো ৰিপাব্লিকান ছিনেটৰৰ লগতে দলটোৰ শীর্ষ নেতাসকলে ৰাষ্ট্রপতি নির্বাচনৰ ফলাফলত বাধা দিয়াৰ বিৰোধিতা কৰা সত্ত্বেও ট্রাম্পে আইনী প্রক্রিয়াৰ ওপৰত জোৰ দি আহিছিল৷ চূড়ান্ত ফলাফলত বাইডেনে ৩০৬–২৩২ ব্যৱধানত জয়ী হোৱাৰ পিছত ইয়াক প্রত্যাহ্বান জনোৱাৰ কোনো যুক্তি নাই বুলি নিজৰ ঘনিষ্ঠ সহযোগীসকলে আগবঢ়োৱা যুক্তিও ট্রাম্পে খণ্ডন কৰিছিল৷ ফলত পর্যায়ক্রমে এজন এজনকৈ তেওঁৰ সহযোগী আঁতৰি গৈছিল৷ কেপিটল হিলৰ ঘটনাৰ পিছতে ট্রাম্পৰ হোৱাইট হাউছ চীফ অৱ ষ্টাফ মিক মুলভানেই পদত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ এনে ধৰণৰ প্রতিক্রিয়া নিশ্চিতভাৱে অস্বাভাৱিক নহয়৷ কিয়নো নিজৰ সমর্থকক হিংসাৰ আশ্রয় ল’বলৈ প্রৰোচিত কৰি ট্রাম্পে আমেৰিকাৰ গণতন্ত্রক অপমান কৰিলে৷ শাসনৰ ভাৰ হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰি ইতিমধ্যে ট্রাম্পে বিশ্ববাসীৰ সন্মুখত মার্কিন নাগৰিকৰ শিৰনত কৰাৰ দৰে হ’ল৷ স্বাভাৱিকতে ট্রাম্পৰ এনে কার্যই গোলকীয় পর্যায়ত আমেৰিকাৰ নৈতিক কর্তৃত্বত আঘাত হানিলে৷ ট্রাম্প যে বিশ্বৰ আটাইতকৈ ক্ষমতাশালী পদবীটোৰ বাবে উপযুক্ত নহয়, সেয়া এতিয়া দেখ দেখকৈ প্রমাণিত হৈছে৷

You might also like