নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ জুলাইৰ পৰা সংসদৰ বর্ষাকালীন অধিৱেশন

🔹 ২১ জুলাইৰ পৰা সংসদৰ বর্ষাকালীন অধিৱেশন আৰম্ভ

🔹 বিৰোধীৰ সংসদৰ বিশেষ অধিৱেশনৰ দাবী অগ্রাহ্য কেন্দ্রৰ

নিউজ ডেস্ক, ৫ জুন : বিৰোধীৰ দাবী অগ্রাহ্য কৰিলে কেন্দ্রৰ মোদী চৰকাৰে৷ অপাৰেচন সিন্দূৰ আৰু পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক লৈ ১৬টা বিৰোধী দলে সংসদৰ বিশেষ অধিৱেশন দাবী কৰিছে৷ কিন্তু এই দাবী অগ্রাহ্য কৰিছে চৰকাৰে৷ কালি কেন্দ্রীয় মন্ত্রীসভাৰ গুৰুত্বপূর্ণ বৈঠকৰ পিছতে সংসদীয় পৰিক্রমা মন্ত্রী কিৰেণ ৰিজিজুৱে ঘোষণা কৰে যে আগন্তুক ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ বর্ষাকালীন অধিৱেশন৷ অর্থাৎ বিশেষ অধিৱেশনৰ বাবে বিৰোধীয়ে জনাই অহা দাবীক গুৰুত্ব নিদিলে মোদী চৰকাৰে৷ মন্ত্রীসভাৰ এই বৈঠকৰ পিছতে কিৰেণ ৰিজিজুৱে কয় যে আগন্তুক ২১ জুলাইত আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশন ২২ আগষ্টলৈকে চলিব৷

প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ পৌৰোহিত্যত মন্ত্রীসভাৰ বৈঠকত বর্ষাকালীন অধিৱেশনৰ সময়সূচী নির্ধাৰণ কৰা হয়৷ লক্ষণীয়ভাৱে বিৰোধীৰ বিশেষ অধিৱেশনৰ দাবীক অগ্রাহ্য কৰি মন্ত্রী ৰিজিজুৱে কয় যে বর্ষাকালীন অধিৱেশনত সংসদৰ দুই সদনত যিকোনো বিষয়তে আলোচনা হ’ব পাৰে৷ ধাৰাবাহিকভাৱে পাকিস্তানৰ সন্ত্রাসবাদী আক্রমণ, অপাৰেচন সিন্দূৰ আৰু ভাৰত-পাক যুদ্ধবিৰতি আদি বিষয়ক লৈ চৰকাৰক সমালোচনা কৰি আহিছে বিৰোধীয়ে৷ এই সকলো বিষয়ক লৈ চৰকাৰক জবাবদিহি কৰিবলৈ বিৰোধীয়ে সংসদৰ বিশেষ অধিৱেশনৰ দাবী কৰিছিল৷ পৰহি প্রধানমন্ত্রী মোদীলৈ এই দাবীত ১৬টা বিৰোধী দলে প্রেৰণ কৰিছিল এখন পত্র৷ কংগ্রেছ, তৃণমূল কংগ্রেছ, ডিএমকে, সমাজবাদী পার্টী, আৰজেডিসহ ‘ইণ্ডি’ জোঁটৰ প্রায় আটাইকেইটা গুৰুত্বপূর্ণ দলৰ মুৰব্বীয়ে এই পত্রত স্বাক্ষৰ কৰিছিল৷

লক্ষণীয়ভাৱে পেহেলগামৰ সন্ত্রাসবাদী আক্রমণ আৰু অপাৰেচন সিন্দূৰৰ পিছত সন্ত্রাসবাদক সহায় কৰা পাকিস্তানৰ স্বৰূপ উদঙাবলৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা বিদেশলৈ যি সর্বদলীয় সাংসদ প্রতিনিধিৰ দল প্রেৰণ কৰা হৈছে, সেই দলবোৰ উভতি অহাৰ পিছত চলিত মাহৰ মাজভাগত সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিব লাগে বুলি দাবী কৰিছিল বিৰোধী দলবোৰে৷ অৱশ্যে বিৰোধীৰ এই দাবীক যে অগ্রাহ্য কৰা হ’ব সেই ইংগিত চৰকাৰৰ পৰা পূর্বেই পোৱা গৈছিল৷ কালি আনুষ্ঠানিকভাৱে বর্ষাকালীন অধিৱেশনৰ সময়সূচী ঘোষণা কৰি চৰকাৰে স্পষ্ট কৰি দিলে যে বিৰোধীয়ে বিশেষ অধিৱেশনৰ যি দাবী কৰিছে সেয়া গুৰুত্বহীন৷

You might also like