নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিনৰ দুটাকৈ ড’জ লোৱাৰ পিছতো দেশত ৪৮৮জনৰ মৃত্যু; দেশজুৰি আক্রান্ত ২৬ সহস্রাধিক

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ অদৃশ্য শত্রু ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ অমোঘ অস্ত্র ভেকচিন৷ ক’ভিড–১৯ৰ সংক্রমণ প্রতিহত কৰিবলৈ দেশজুৰি চলি আছে টিকাকৰণ অভিযান৷ বিশ্বৰ সর্ববৃহৎ ক’ভিড–১৯ টিকাকৰণ অভিযানত ইতিমধ্যে ২৩.৫ কোটিৰো অধিক ভেকচিন ড’জ প্রদান কৰা হৈছে৷ নিৰাপদ আৰু সুৰক্ষিত বুলি চর্চিত ক’ভিড ভেকচিন প্রদান কৰাৰ পাছত অতি নামমাত্র লোক ক’ভিডত আক্রান্ত হৈছে৷ দেশজুৰি ভেকচিন লোৱাৰ পাছত এডভার্ছ ইভেণ্টছ ফ’লয়িং ইমুনাইজেচন চমুকৈ এ ই এফ আইৰ প্রভাৱ অতি সামান্য৷ যোৱা ১৬ জানুৱাৰীত দেশজুৰি আৰম্ভ হোৱা ক’ভিড–১৯ টিকাকৰণ অভিযানৰ পৰা ৭ জুনলৈকে ক’ভিড ভেকচিন লোৱাৰ পাছত ২৬,২০০জন লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে৷

কেন্দ্রীয় চৰকাৰৰ তথ্য অনুসৰি ২৩.৫ কোটিৰ অধিক ভেকচিন ড’জ প্রদান কৰাৰ পাছত ২৬,২০০জন লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে৷ অর্থাৎ টিকাকৰণ কৰা লোকৰ ভিতৰত মাত্র ০.০১ শতাংশহে আক্রান্ত হৈছে৷ ই এক আশাব্যঞ্জক খবৰ৷ ১৪৩ দিনৰ সময়ছোৱাত দেশজুৰি টিকাকৰণ কৰা লোকৰ ভিতৰত প্রতি ১০ হাজাৰৰ ভিতৰত এজন লোক আক্রান্ত হৈছে৷ এনেদৰে ১০ লাখ লোকৰ ভিতৰত মাত্র দুজন লোকৰ প্রাণহানি হৈছে৷ এ ই এফ আইত ২৬,২০০ লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ৪৮৮জনৰ৷

মন কৰিবলগীয়া যে দেশত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভাক্সিন দেশজুৰি প্রদান কৰি থকা হৈছে৷ ক’ভাক্সিনৰ তুলনাত ক’ভিশ্বিল্ড অধিক লোকক প্রদান কৰা হৈছে৷ মুঠ এ ই এফ আইৰ ২৬,২০০ৰ ভিতৰত ২৪,৭০৩জন লোক ক’ভিশ্বিল্ড লোৱাৰ পাছত আক্রান্ত হৈছে৷ আনপিনে, ক’ভাক্সিন লোৱাৰ পাছত আক্রান্ত হৈছে ১,৪৯৭জন৷ ক’ভাক্সিন ২.৫ কোটি ড’জ প্রদান কৰাৰ বিপৰীতে ক’ভিশ্বিল্ড প্রদান কৰা হৈছে ২১ কোটি ড’জ৷ ভেকচিন লোৱাৰ পাছত আক্রান্ত হোৱা লোকৰ ভিতৰত ৯৫ শতাংশৰ অতি সামান্যভাৱে আক্রান্ত হৈছে৷

আনপিনে, প্রায় ২ শতাংশ লোক অধিক গভীৰ ৰূপত আক্রান্ত হৈছে৷ আক্রান্তৰ ভিতৰত ৮.৮৫ শতাংশ অর্থাৎ ২,৩১৮জন লোক চিকিৎসালয়ত ভর্তি কৰাবলগীয়া হৈছে৷ তাৎপর্যপূর্ণ যে আক্রান্ত ২৬ সহস্রাধিকৰ ভিতৰত ১৬.১৫ শতাংশ অর্থাৎ ৪,২৩০জন লোক বহু ৰোগত আক্রান্ত৷ ভেকচিন লোৱাৰ পাছত প্রতিকূল প্রভাৱ পৰাৰ ভিতৰত ৪৫ শতাংশতকৈ অধিক লোক জ্বৰত ভুগিছিল৷ ভেকচিন লোৱাৰ পাছত ২৬ সহস্রাধিক লোকৰ ভিতৰত ৪৮৮জন লোকৰ মৃত্যু ঘটিছে৷ অর্থাৎ দেশজুৰি মৃত্যু ঘটিছে ২ শতাংশৰ৷ ইয়াৰ ভিতৰত ক’ভিশ্বিল্ড লোৱা লোক ৪৫৭জন আৰু ২০জন ক’ভাক্সিন লোৱা৷ ১১জন লোকৰ সঠিক তথ্য নাই৷

আনপিনে, ক’ভিশ্বিল্ড লোৱা প্রতি ১০ লাখ লোকৰ ভিতৰত ২জন লোকৰ মৃত্যু অর্থাৎ মৃত্যুৰ হাৰ ০.০০০২১৭ শতাংশ৷ ক’ভাক্সিন লোৱাৰ প্রতি ১০ লাখ লোকৰ ভিতৰত এজন লোকৰ মৃত্যু অর্থাৎ মৃত্যুৰ হাৰ ০.০০০০৮ শতাংশ৷ প্রতি ১০ লাখত গড় মৃত্যুৰ হাৰ ০.০০০২০ শতাংশ৷ গুৰুত্বপূর্ণ যে মৃত্যু হোৱা ৪৮৮জন লোকৰ ভিতৰত ২০৭জন লোক হাস্পতালত চিকিৎসাধীন হোৱাৰ পাছত মৃত্যু ঘটিছে৷ মৃত্যু হোৱা লোকৰ ভিতৰত কনিষ্ঠতমজন হৈছে জম্মু–কাশ্মীৰৰ কাঠুৱাৰ ২১ বছৰীয়া যুৱক৷ বয়োজ্যেষ্ঠজন হৈছে কর্ণাটকৰ কোলাৰৰ ৯৭ বছৰীয়া বৃদ্ধ৷

তদুপৰি ৩৯ বছৰৰ অনূর্ধ্বৰ লোক ২৭জন আৰু ২৯ বছৰৰ অনূর্ধ্বৰ ১০জন লোকৰ মৃত্যু ঘটিছে৷ মৃত্যু ঘটা লোকৰ ভিতৰত ৩০১জন পুৰুষ আৰু ১৭৮গৰাকী মহিলা৷ বাকীকেইজনৰ সবিশেষ তথ্য উপলব্ধ হোৱা নাই৷ মুঠ আক্রান্তৰ ভিতৰত ১৫,৯০৯ মহিলা আৰু ১০,২৮৭ পুৰুষ৷ আক্রান্তৰ ভিতৰত ৫১ বছৰৰ অধিক ৭ সহস্রাধিক লোক আছে৷ মহাৰাষ্ট্রত সর্বাধিক ১৭.২ শতাংশ অর্থাৎ ৪,৫২১জন৷ কেৰালাত ৪,০৭৪, কর্ণাটক ২,৬৫০, পশ্চিমবংগ ১,৪৫৬, উত্তৰ প্রদেশ ১,৩৬১, গুজৰাট ১,১৩১ আৰু দিল্লীৰ ১,১১

You might also like