নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ ভুল–ত্রুটি, অভিযোগ সন্দর্ভত প্রতিমাহত হ’ব দুখন বৈঠক

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ  অসমৰ বিকাশ–উন্নয়নৰ হকে বিভিন্ন ধৰণৰ সংস্কাৰমুখী পদক্ষেপ অব্যাহত ৰাখিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সমাজ–দেশ–ৰাজ্যৰ ৰাজনীতি, চৰকাৰৰ নীতি, চৰকাৰৰ প্রতি ৰাইজৰ দৃষ্টিভংগী, চৰকাৰৰ কৰণীয়, ভুল–ত্রুটি আদিৰ বিষয়ে আলোচনা কৰাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড০ শর্মাই ৪–৫জন জ্যেষ্ঠ তথা অভিজ্ঞ বিধায়কৰ বিপৰীতে নিযুক্তি দিছে একোজনকৈ ‘মিত্রমন্ত্রী’ক৷

লক্ষণীয়ভাৱে মুখ্যমন্ত্রী ড০ শর্মাই নিজেও এই দায়িত্ব পালন কৰিব৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই সোমবাৰে নিজ মন্ত্রীসভাৰ সদস্যসকললৈ এখন পত্র প্রেৰণ কৰিছ৷ এই পত্রখনৰ সৈতে সংলগ্ন এখন তালিকাত মুখ্যমন্ত্রী ড০ শর্মাই মন্ত্রীসকলৰ নামৰ বিপৰীতে সন্নিৱিষ্ট কৰি দিছে বিধায়কসকলৰ নাম৷ সেই অনুসৰি মুখ্যমন্ত্রী ড০ শর্মাই বিধায়ক অজয় কুমাৰ ৰয়, ৰূপক শর্মা, জিতু গোস্বামী, বিশ্বজিৎ ফুকন, ডাঃ নোমল মমিন আৰু ৰূপেশ গোৱালাৰ ‘মিত্রমন্ত্রী’ৰ দায়িত্ব পালন কৰিব৷ সেইদৰে মন্ত্রী ৰঞ্জিত কুমাৰ দাস ‘মিত্রমন্ত্রী’ হ’ব বিধায়ক অতুল বৰা, সিদ্ধার্থ ভট্টাচার্য, পদ্ম হাজৰিকা আৰু ৰঞ্জিত দত্তৰ৷ মন্ত্রী অতুল বৰাই বিধায়ক নন্দিতা গার্লোচা, ফণীভূষণ চৌধুৰী, ভূপেন বড়ো, বিদ্যাছিং ইংলেং মন্ত্রী উর্খাও গৌৰা ব্রহ্মই বিধায়ক জয়ন্ত বসুমতাৰী, ভাস্কৰ শর্মা, গোবিন্দ চন্দ্র বসুমতাৰী, পৃথ্বিৰাজ ৰাভা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, হিতেন্দ্রনাথ গোস্বামী, প্রদীপ হাজৰিকা, ভৱেশ কলিতা মন্ত্রী পৰিমল শুক্লবৈদ্যই বিধায়ক মিহিৰকান্তি সোম, প্রমোদ বৰঠাকুৰ, গণেশ কুমাৰ লিম্বু, প্রশান্ত ফুকন মন্ত্রী কেশৱ মহন্তই বিধায়ক পৰমানন্দ ৰাজবংশী, মৃণাল শইকীয়া, উৎপল বৰা, পোনাকণ বৰুৱা মন্ত্রী ৰণোজ পেগুৱে বিধায়ক তৰংগ গগৈ, বলীন চেতিয়া, দিগন্ত কলিতা, মানৱ ডেকা মন্ত্রী অশোক সিংঘলে বিধায়ক সুমন হৰিপ্রিয়া, ৰমাকান্ত দেউৰী, ৰামকৃষ্ণ ঘোষ, লৰেন্স ইছলাৰী মন্ত্রী যোগেন মোহনে বিধায়ক দীপায়ন চক্রৱর্তী, চক্রধৰ গগৈ, তেৰছ গোৱালা, ভবেন্দ্র নাথ ভৰালী মন্ত্রী সঞ্জয় কিষাণে বিধায়ক ভুবন পেগু, বিনোদ হাজৰিকা, সুৰেন ফুকন, ৰূপছিং টেৰণ মন্ত্রী অজন্তা নেওগে বিধায়ক বিজয় মালাকাৰ, কৌশিক ৰায়, হেমাংগ ঠাকুৰীয়া, জয়ন্তমল্ল বৰুৱা মন্ত্রী পীয়ূষ হাজৰিকাই বিধায়ক কৃষ্ণেন্দু পাল, দৰছিং ৰংহাং, কৃষ্ণকমল তাঁতী, শিবু মিশ্র আৰু মন্ত্রী বিমল বৰাই বিধায়ক ধর্মেশ্বৰ কোঁৱৰ, অমিয় কুমাৰ ভূঞা, নৱকুমাৰ দলে আৰু ৰেণুপমা ৰাজখোৱাৰ বিপৰীতে ‘মিত্রমন্ত্রী’ৰ দায়িত্ব পালন কৰিব৷

মুখ্যমন্ত্রী ড০ শর্মাই মন্ত্রীসকললৈ দিয়া পত্রখনত বিজেপি–এজিপি–ইউপিপিএ যৌথ বিধায়িনী দলৰ নেতা হিচাপে এইদৰে উল্লেখ কৰিছে– ‘এই পত্রৰ লগত সংলগ্ণ এখন তালিকাত মই মন্ত্রীসকলৰ নামৰ বিপৰীতে কেইজনমানকৈ বিধায়কৰ নাম সন্নিৱিষ্ট কৰি দিছোঁ৷ তালিকা অনুসৰি উল্লিখিত বিধায়ককেইজনৰ এজন হিতাকাংক্ষী তথা মিত্র হিচাপে আপোনাক মনোনীত কৰা হৈছে৷ আপোনাৰ নামৰ বিপৰীতে উল্লিখিত বিধায়ককেইজনৰ মাজত কেইবাজনো জ্যেষ্ঠ আৰু অভিজ্ঞ বিধায়কৰ নাম সন্নিৱিষ্ট কৰা হৈছে৷ আমাৰ চৰকাৰৰ প্রতি তেওঁলোকৰ বহুমূলীয়া পৰামর্শ অতিকৈ প্রয়োজন৷ প্রতি মাহৰ দ্বিতীয় আৰু চতুর্থ মঙলবাৰে আপোনাৰ নামৰ বিপৰীতে উল্লেখ কৰা বিধায়কসকলৰ সৈতে একোখনকৈ বৈঠক কৰিবলৈ মই আপোনাক অনুৰোধ কৰিব খোজোঁ৷ সেই অনুসৰি উক্ত দুয়োদিনা আপুনি তেওঁলোকক আপোনাৰ ঘৰলৈ নৈশভোজৰ বাবে আমন্ত্রণ জনাবলৈ অনুৰোধ জনাইছোঁ৷ এই সাক্ষাতৰ সৈতে সংগতি ৰাখি তেওঁলোকৰে সমাজ, দেশ আৰু ৰাজ্যৰ ৰাজনীতি, চৰকাৰৰ নীতি, চৰকাৰৰ প্রতি ৰাইজৰ দৃষ্টিভংগী আৰু ভুল–ত্রুটি আদিৰ বিষয়ে বিস্তাৰিত আলোচনা কৰাটো প্রয়োজন৷ এই বিষয়বোৰৰ ওপৰত তেওঁলোকৰ দৃষ্টিভংগী আমাৰ চৰকাৰৰ বাবে অতিকৈ জৰুৰী বুলি মই বিবেচনা কৰোঁ৷ এই আলোচনাৰ ভিত্তিত এটা টোকা প্রস্তুত কৰি আৰু বিশেষকৈ তেওঁলোকৰ অভিযোগসমূহ অভিযোগকাৰীৰ নাম উল্লেখ নকৰাকৈ লিপিবদ্ধ কৰি মোৰ হাতত জমা দিবলৈ আপোনাক অনুৰোধ জনাওঁ৷’ মুখ্যমন্ত্রী ড০ শর্মাই পত্রখনত উল্লেখ কৰা মতে প্রতি সপ্তাহৰ কেবিনেট বৈঠকৰ আগে আগে বা কেবিনেট বৈঠকৰ পাছত আধা ঘণ্টা অথবা ৪৫ মিনিটৰ বাবে টোকাৰ বক্তব্যসমূহ আলোচনা কৰা হ’ব৷

উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদী গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকা সময়ছোৱাত তেওঁ প্রতি সপ্তাহতে মন্ত্রীসভাৰ সদস্যসকলক এনে আলোচনাৰ বাবে উদ্বুদ্ধ কৰিছিল৷ প্রধানমন্ত্রী মোদীৰ আদর্শক আগত লৈ মুখ্যমন্ত্রী ড০ শর্মায়ো এনে কার্যসূচী হাতত লৈছে৷ মন কৰিবলগীয়া যে পৰৱর্তী সময়ত বিৰোধী পক্ষৰ বিধায়কসকলকো সংশ্লিষ্ট মন্ত্রীৰ সৈতে সংলগ্ণ কৰি এখন সুকীয়া তালিকা প্রকাশ কৰা হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্রীৰ কার্যালয়ে৷

You might also like