তেল মাৰিছে! বৰ্তমানতকৈ বহু কমতে তেল দিব ভাৰতক, কোনে আৰু কিয়
বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ খাৰুৱা তেলত বৃহংৰেহাই দিছে ৰাছিয়াই। পশ্চিমীয়া দেশে নিষেধাজ্ঞা জাৰি কৰাৰ পাছত অধিক ক্ৰেতা বিচাৰি খাৰুৱা তেল বিক্ৰীত ৰেহাই দিবলগীয়া হৈছে। এই ৰেহাই মূল্যত তেল কিনাৰ প্ৰস্তাৱ ভাৰতকো দিছে ইউক্ৰেইন পুটিনৰ দেশে। ইউক্রেইনত যুদ্ধ আৰম্ভ কৰাৰ আগতে অশোধিত তেলৰ দাম যিমান আছিল তাতকৈও কম দামত ৰাছিয়াই ভাৰতক তেল বেচিবলৈ আগ্রহী। ৰাছিয়াৰ বিদেশমন্ত্রী ছের্গেই লেভৰভ বৰ্তমানে দিল্লী ভ্ৰমণলৈ আহিছে। আমেৰিকাই ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিছে। সকলো দেশে নহ’লেও ইউৰোপৰ বহুকেইখন দেশে একেই পথ লৈছে। ইউক্রেইনত যুদ্ধ আৰম্ভ হোৱাৰ পাছৰ পৰা আন্তর্জাতিক বজাৰত অশোধিত তেলৰ দাম বেৰেলে প্রতি প্রায় ১৫ ডলাৰকৈ বাঢ়িছে। সূত্রৰ খবৰ অনুসৰি ৰাছিয়াই এতিয়া যুদ্ধৰ আগৰ দামতকৈও ৩৫ ডলাৰ কমকৈ ভাৰতক তেল দিবলৈ আগ্রহী।