নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিবেক ভোট’ত জিকি ৰাজ্যসভালৈ পৱিত্র–ৰণগৌৰা

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ প্রত্যাশিতভাৱেই ৰাজ্যসভাৰ দুয়োখন আসনতে জয়লাভ কৰিলে বিজেপি মিত্রজোঁটে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপি আৰু মিত্রজোঁটে দাবী কৰি অহাৰ দৰে কংগ্রেছৰ একাংশ বিধায়কৰ সমর্থন আৰু সহযোগিতাত ‘বিবেক ভোট’ত ৰাজ্যসভালৈ নির্বাচিত হ’ল বিজেপিৰ পৱিত্র গগৈ মার্ঘেৰিটা আৰু ইউ পি পি এলৰ ৰণগৌৰা নার্জাৰী৷

বৃহস্পতিবাৰে নিশা ভোটগণনাৰ অন্তত দেখা গ’ল পৱিত্র মার্ঘেৰিটাই ৪৬টা ভোট লাভ কৰে৷ সেইদৰে ৰণগৌৰা নার্জাৰীয়ে ৪৪টা ভোট লাভ কৰি বিজয়ী হয়৷ ইয়াৰ বিপৰীতে বিৰোধীৰ উমৈহতীয়া প্রার্থী কংগ্রেছৰ ৰিপুণ বৰাই ৩৫টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়৷ এই নির্বাচনত ১টা ভোট বাতিল হয়৷ বাতিল হোৱা ভোটটো কংগ্রেছৰ ছিদ্দিক আহমেদৰ বুলি জানিব পৰা গৈছে৷

মন কৰিবলগীয়া এয়ে যে বিধানসভাত বিৰোধীৰ শক্তি অনুসৰি ৰিপুণ বৰাৰ পক্ষত ৪৩টা ভোট আছিল৷ সেই অনুসৰি ৰিপুণ বৰাৰ জয়লাভৰ সম্ভাৱনা আছিল যদিও ক্রছ ভোটিং তথা ভোট ভুল হোৱা বাবে ৰিপুণ বৰাই ৩৫টা ভোটহে লাভ কৰে৷  এই নির্বাচনী ফলাফলৰ লগে লগে ৰাজ্যসভাত অসমৰ পৰা কংগ্রেছৰ প্রতিনিধিত্ব শূন্য হৈ পৰিল৷

You might also like