নৱৰাত্রিৰ ব্রত আৰম্ভ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ
নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ পৰম্পৰা ৰক্ষা কৰি নৱৰাত্রিৰ ব্রত আৰম্ভ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নৱৰাত্রিৰ প্রথম দিনটোত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে দেশৰ প্রতিগৰাকীৰ জীৱনলৈ শক্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি আনিব বুলি কামনা কৰে৷ টুইটাৰযোগে প্রধানমন্ত্রী মোদীয়ে জগত জননী মাক প্রার্থনা জনোৱাৰ আলোকচিত্র এখন প্রচাৰ কৰি কয়– সকলোলৈকে নৱৰাত্রিৰ শুভেচ্ছা৷
পৰৱর্তী দিনকেইটা জগত জননী মাৰ পূজা–অর্চনাত আমি নিজকে উৎসর্গিত কৰাৰ সময়৷ আশা কৰোঁ, নৱৰাত্রিয়ে প্রত্যেকৰে জীৱনলৈ শক্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি আনক৷ আলোকচিত্রৰ উপৰি প্রধানমন্ত্রী মোদীয়ে দেৱী শৈলপুত্রীক প্রার্থনা জনোৱাৰ এটা ভিডি’ টুইটাৰত শ্বেয়াৰ কৰে৷ নৱৰাত্রিৰ প্রথম দিনা প্রধানমন্ত্রীগৰাকীয়ে দেৱী শৈলপুত্রীক পূজা–র্চনা কৰি আছে ভিডি’টোত৷
টুইটত মোদীয়ে কয়– নৱৰাত্রিৰ প্রথম দিন৷ আমি মা শৈলপুত্রীক প্রার্থনা জনাওঁ৷ ভিডিঅ’টোত স্তুতিও আছে৷ উল্লেখ্য যে দেৱী দুর্গা পূজাৰ লগত জড়িত শাৰদ নৱৰাত্রি উদ্যাপনত দেৱী দুর্গাৰ ৯টা ৰূপক পূজা কৰা হয়৷ দেশজুৰি বিভিন্ন পন্থাৰে এই উৎসৱ পালন কৰা হয়৷ ৯ দিন ধৰি দেৱী দুর্গাক ভক্তসকলে প্রার্থনা কৰাৰ লগতে ব্রত পালন কৰে৷ আজিৰে পৰা ১৫ অক্টোবৰলৈ নৱৰাত্রি উদ্যাপন কৰা হ’ব৷ বিজয়া দশমী তথা দচেৰা উদ্যাপনৰ লগে লগে শাৰদ নৱৰাত্রিৰ সামৰণি পৰিব৷