নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ থানাত উপস্থিত হৈ চিকিৎসক নৱনীল বৰুৱাই ক’লে- “মই কাকো নিৰাপত্তা দিয়া নাই, মই একো ভুল কৰা নাই”

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ দিছপুৰ থানাত উপস্থিত জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱা। গুৱাহাটীৰ হিট এণ্ড ৰাণ গোচৰত এইবাৰ আৰক্ষীয়ে সোধা-পোছা কৰিছে জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসকগৰাকীক। জি এন আৰ চি হাস্পতালৰ অধীক্ষক সুব্ৰত ভাগৱতীও থানাত উপস্থিত হয়।

চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৰাজকন্যা বৰুৱাক দিছপুৰ আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল। কিন্তু নিজৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খণ্ডন কৰি চিকিৎসক নৱনীল বৰুৱাই সাংবাদিকৰ আগত কয়, “মই কাকো নিৰাপত্তা দিয়া নাই। মই একো ভুল কৰা নাই। ৰাজকন্যাৰ সৈতে পূৰ্বে মোৰ কোনো চিনাকি নাছিল।”

আনকি ৰাজকন্যাক আইচিইউত ৰখাৰ অভিযোগো নস্যাৎ কৰিছে নৱনীল বৰুৱাই।

উল্লেখ্য যে বৃহস্পতিবাৰে পোহৰলৈ আহিছিল ৰাজকন্যাৰ মেডিকেল প্রেক্রিপছন। সততে বুদ্ধিজীৱী-চিন্তাবিদ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ বিচৰা খ্যাতনামা উল্লেখিত জেষ্ঠ চিকিৎসকজনৰ হস্তক্ষেপতে জিএনআৰচিৰ আইচিইউত স্থান লাভ কৰিছিল ৰাজকন্যাই।

You might also like