নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ প্রথম ড’জ লোৱাৰ পিছত আক্রান্ত হ’লে তিনি মাহৰ অন্ততহে ল’ব লাগিব দ্বিতীয় ড’জ

ভেকচিন প্রদানক লৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ নতুন এছ’পি

নিয়মীয়া বাৰ্তা ২০ মেঃ ক’ভিড ভেকচিনৰ নাটনিক লৈ দেশৰ বিভিন্ন ৰাজ্যত তীব্র প্রতিক্রিয়া চলি থকাৰ মাজতে আজি ক’ভিড ভেকচিন প্রদান সন্দর্ভত নতুন এছ’পি জাৰি কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ নতুন এছ’পি জাৰি কৰি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই সন্দর্ভত ৰাজ্যসমূহৰ মুখ্য সচিবলৈ নির্দেশনা পত্র প্রেৰণ কৰিছে৷ ক’ভিড–১৯ ভেকচিন প্রদানৰ নতুন এছ’পি অনুসৰি ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত সুস্থ হৈ উঠিলে তেনে ব্যক্তিয়ে তিনি মাহৰ পিছত ভেকচিন ল’ব পাৰিব৷

আনপিনে, ক’ভিড–১৯ৰ প্রথমটো ড’জ লোৱাৰ পিছত কোনো লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হ’লে তেনে লোক সুস্থ হৈ উঠাৰ তিনি মাহৰ পিছতহে দ্বিতীয় ড’জটো ল’ব পাৰিব৷ জটিল ৰোগত আক্রান্ত লোকসকলৰ ক্ষেত্রত দ্বিতীয়টো ড’জ লোৱাৰ সময়ৰ ব্যৱধান ৪–৮ সপ্তাহ৷ তেনেদৰে ক’ভিড–১৯ ভেকচিন লোৱা লোক আক্রান্ত হোৱাৰ পিছত নিগেটিভ হ’লে তেনে লোকে ১৪ দিনৰ পিছত ৰক্তদান কৰিব পাৰিব বুলিও নতুন এছ’পিত উল্লেখ কৰা হৈছে৷

আনপিনে, সকলো দুগ্ধপান কৰোঁতা মহিলাই ক’ভিড ভেকচিন ল’ব পাৰিব বুলিও নতুন এছ’পিত স্পষ্ট কৰা হৈছে৷ তাৎপর্যপূর্ণ যে ভেকচিন লোৱাৰ পূর্বে কোনো লোকে ক’ভিড–১৯ ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ প্রয়োজন নাই বুলি এছ’পিখনত উল্লেখ কৰিছে৷ ইয়াৰ পূর্বে ভেকচিন লোৱাৰ আগতে ক’ভিড–১৯ ৰেপিড এণ্টিজেন টেষ্ট কৰিব লাগিছিল৷ নেচনেল টেকনিকেল এডভাইজৰী গ্রুপ অন ইমুনাইজেচন (এন টি এ জি আই)এ অনুমোদন জনোৱাৰ পিছত আজি নতুন এছ’পিখন জাৰি কৰিছে স্বাস্থ্য মন্ত্রালয়ে৷ আনপিনে, গর্ভৱতী মহিলাক ভেকচিন প্রদান কৰা হ’ব নে নাই, সেই সন্দর্ভত এতিয়াও সঠিক সিদ্ধান্তত উপনীত হোৱা নাই৷ এনটিজিআইএয়ে এই বিষয়টোক লৈ সম্প্রতি অধ্যয়ন আৰু আলোচনা চলাই আছে৷

You might also like