নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ গেংষ্টাৰ আৰু অপৰাধী চক্র উৎখাত কৰাৰ লক্ষ্যৰে আজি দেশৰ ৬০ স্থানত তালাচী চলাইছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই৷ দেশৰ ৰাজধানী নতুন দিল্লী, ৰাষ্ট্রীয় ৰাজধানী অঞ্চল (এন চি আৰ), হাৰিয়ানা, উত্তৰ প্রদেশ আৰু পঞ্জাবকে ধৰি বিভিন্ন স্থানত ‘নিয়া’ই অভিযান চলাই গেংষ্টাৰ আৰু অপৰাধী চক্র উৎখাত কৰে৷ দিল্লী আৰক্ষীৰ বিশেষ গোটে পঞ্জীয়ন কৰা দুটা গোচৰৰ ভিত্তিত ‘নিয়া’ই ১০ গেংষ্টাৰৰ বিৰুদ্ধে ৬০ স্থানত তালাচী চলাইছে৷ এই গেংষ্টাৰৰ ভিতৰত বহু অসামাজিক কার্যকলাপত জড়িত লৰেঞ্চ বিষ্ণই গেং, বামবিহা গেং আৰু নিৰজ বাৱনা গেঙৰ বিৰুদ্ধে আজি নিয়াই অভিযান চলায়৷ পঞ্জাবৰ জনপ্রিয় গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডত গ্রেপ্তাৰ কৰা গেংষ্টাৰৰ সম্পর্ক সন্ত্রাসবাদী সংগঠনৰ সৈতে স্পষ্ট হৈ পৰাৰ পাছতে নিয়াই এই গেংষ্টাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰে৷ গেংষ্টাৰে দেশত অসামাজিক কার্যকলাপ, ধন দাবী, হত্যা, অপহৰণকে ধৰি কূটাঘাতমূলক কার্যত জড়িত থকাৰ লগতে পাকিস্তানী সন্ত্রাসবাদীৰ সৈতে জড়িত হৈ আছে৷
নিয়াৰ সূত্রত প্রকাশ পোৱা মতে নিৰজ চেহৰাৱত ওৰফে নিৰজ বাৱনা আৰু গেংটোৱে প্রখ্যাত ব্যক্তিক হত্যা আৰু ছ’চিয়েল মিডিয়াত সন্ত্রাস বিয়পোৱাৰ সৈতে জড়িত হৈ আছে৷ নিৰজ বাৱনাৰ গেংটোৱে অলপতে গেংষ্টাৰ লৰেঞ্চ বিষ্ণইৰ গোটৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ তথ্যও পাঞ্জাবী গায়ক মুছেৱালাৰ হত্যাৰ পাছত পোহৰলৈ আহিছে৷ নিৰজ বাৱনাই মুছেৱালাৰ হত্যাৰ প্রতিশোধ লৰেঞ্চ বিষ্ণই গেঙৰ ওপৰত লোৱা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ দেশৰ জে’লৰ ভিতৰতে থাকি গেংষ্টাৰে দেশৰ লগতে বিদেশতো অসামাজিক কার্যকলাপ চলাই থকাৰ তথ্য নিয়াই লাভ কৰাৰ পাছতে অনুসন্ধান চলাই আজি উক্ত গেংষ্টাৰৰ ঘাটিত অভিযান চলাইছে৷ কানাডাত থাকিয়ে গ’ল্ডি ব্রাৰ নামৰ গেংষ্টাৰজনে পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ পৰিকল্পনা কৰিছিল আৰু তাক কার্যকৰী কৰি তুলিছিল৷
দেশৰ কাৰাগাৰৰ ভিতৰত থাকিয়ে লৰেঞ্চ বিষ্ণই, গ’ল্ডি ব্রাৰ জাগ্গু ভগৱান পুৰিয়া, সন্দীপ, শচীন থাপন আৰু অনমোল বিষ্ণয়ে অপৰাধমূলক কার্য সংঘটিত কৰি আহিছে৷ ঠিক তেনেদৰে কানাডা, পাকিস্তান আৰু ডুবাইত থাকিও ভাৰতীয় গেংষ্টাৰে দেশখনত অপৰাধ সংঘটিত কৰি আহিছে৷ নিয়াৰ মতে লৰেঞ্চ বিষ্ণই খালিস্তানী সন্ত্রাসবাদী হৰবিন্দৰ সিং ৰিংডাৰ সৈতে ঘনিষ্ঠ৷ খালিস্তানী সন্ত্রাসবাদী ৰিংডাই পাকিস্তানতে থাকি ভাৰতত গেংষ্টাৰ গোট পৰিচালনা কৰি আহিছে৷ আনপিনে, লাকি পাটিয়াল নামৰ গেংষ্টাৰজনে আর্মেনিয়াৰ পৰাই ভাৰতত গেংষ্টাৰ গোট পৰিচালনা কৰি আহিছে৷ এই গেংষ্টাৰৰ বিৰুদ্ধে দেশৰ ৬০ স্থানত নিয়াই তালাচী চলাই কি কি তথ্য আৰু সামগ্রী জব্দ কৰিছে এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই৷