নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপলৈ ভাৰতীয় দল ঘোষণা

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ৰোহিত শর্মাৰ নেতৃত্বত টি–২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে বি চি চি আয়ে৷ প্রথম ১৫ জনীয়া দলত ৰখা নহ’ল মহম্মদ ছামিক৷ তেওঁক ৰখা হৈছে ৰিজার্ভ দলত৷ এছিয়া কাপত বলাৰসকলৰ ব্যর্থতাৰ পিছত ছামিক দলভুক্ত কৰাৰ দাবী উত্থাপিত হৈছিল যদিও তেওঁক দলত ৰখা নহ’ল৷ প্রতিযোগিতাখনৰ বাবে ঘোষিত দলটোত চাৰিগৰাকী বেটাৰ ক্রমে ৰোহিত শর্মা, এল ৰাহুল, বিৰাট কোহলি আৰু সূর্য কুমাৰ যাদৱক ৰখা হৈছে৷ উইকেট ৰক্ষক হিচাপে থাকিব ঋষভ পণ্ট আৰু দীনেশ কার্তিক৷ আঘাতৰ বাবে ৰবীন্দ্র জাদেজাক বিশ্বকাপ দলত ৰখা হোৱা নাই৷ অলৰাউণ্ডাৰ হিচাপে দলত স্থান পাইছে দীপক হুদা, হার্দিক পাণ্ডিয়া, ৰবিচন্দ্রন অশ্বিন আৰু অক্ষৰ পেটেলে৷ আঘাতৰ পৰা সুস্থ হৈ দললৈ উভতিছে যশপ্রীত বুমৰাহ আৰু হর্ষল পেটেল৷ তেওঁলোকৰ সৈতে পেচাৰ হিচাপে থাকিব ভুবনেশ্বৰ কুমাৰ আৰু অর্শদীপ সিং৷ বাদ দিয়া হৈছে আভেছ খানক৷ অশ্বিন আৰু অক্ষৰৰ উপৰি স্পিন বিভাগত আছে য়ুজবেন্দ্র চাহাল৷ ৰিজার্ভ দলত ৰখা হৈছে ৰবি বিষ্ণইকো৷ তদুপৰি বিশ্বকাপৰ ৰিজার্ভ দলত আছে শ্রেয়াছ আয়াৰ আৰু দীপক চহৰ৷

ঘোষিত ভাৰতীয় দলটোঃ ৰোহিত শর্মা (অধিনায়ক), লোকেশ ৰাহুল (সহঃ অধিনায়ক), বিৰাট কোহলি, সূর্য কুমাৰ যাদৱ, দীপক হুদা, ঋষভ পণ্ট, দীনেশ কার্তিক, হার্দিক পাণ্ডিয়া, আৰ অশ্বিন, য়ুজবেন্দ্র চাহাল, অক্ষৰ পেটেল, যশপ্রীত বুমৰাহ, ভুবনেশ্বৰ কুমাৰ, হর্ষল পেটেল, অর্শদ্বীপ সিং৷ ষ্টেণ্ডবাইঃ মহম্মদ ছামি, শ্রেয়াছ আয়াৰ, ৰবি বিষ্ণই, দীপক চহৰ৷

You might also like