নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰাজীর্ণ হৈ পৰিছে কলকাতাৰ টালিগঞ্জত থকা ড০ ভূপেন হাজৰিকাৰ বাসগৃহ

  • অসম সাহিত্য সভাৰ প্রতিনিধি দলৰ পর্যবেক্ষণত বাসগৃহৰ দুৰৱস্থাৰ স্বৰূপ উন্মোচিত
  • অসম সাহিত্য সভাৰ উদ্বেগ প্রকাশ
  • অসম চৰকাৰক সংৰক্ষণৰ বাবে আহ্বান প্রধান সম্পাদকৰ

 

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহটো অসম চৰকাৰে ওড়িশা চৰকাৰৰ সহযোগত বিশেষভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিলে যদিও অসম আৰু অসমীয়াৰ প্রাণৰ আপোন, বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জত থকা সেই ঐতিহাসিক বাসগৃহটো সংৰক্ষণ কৰাটো দূৰৰে কথা, সুধাকণ্ঠগৰাকীৰ বহু কালজয়ী সৃষ্টিৰ অন্যতম সাক্ষী, ৰাজ্যখনৰ আৰু দেশৰ বহু ক্ষণজন্মা ব্যক্তিৰ পদধূলাৰ স্মৃতিৰে বিজডিত বাসগৃহটো সম্প্রতি জহি–খহি যোৱাৰ উপক্রম হৈছে৷ ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ তথা ভাৰত ৰত্নগৰাকীৰ ওপজা দিনৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাহ কলকাতা বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এক অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ যোৱা অসম সাহিত্য সভাৰ বিষয়ববীয়াৰ দলটোৱে অসমীয়া জাতীয় জীৱনৰ প্রাতঃস্মৰণীয় পুৰোধা তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিগৰাকীৰ সেই ইতিহাস বিজডিত বাসগৃহতো প্রত্যক্ষ কৰিবলৈ উপস্থিত হোৱাৰ পাছত বাসগৃহটোৰ বর্তমানৰ অৱস্থাই সকলোৰে চকু সেমেকাই তোলে৷

অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাৰ নেতৃত্বত ধনভঁৰালী প্রেম নাৰায়ণ নাথ, প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক ড০ অৱনী মোহন চহৰীয়াৰ লগতে অসম সাহিত্য সভাৰ ছয়গৰাকী বিষয়ববীয়া টালিগঞ্জৰ সেহ বাসগৃহত উপস্থিত হৈ পর্যবেক্ষণ কৰাৰ সময়ত বাসগৃহটোৰ অৱস্থা দেখি সকলোৰে চকু যেন সেমেকি উঠে৷ এই বাসগৃহৰ অৱস্থাক লৈ চৰকাৰৰ দৃষ্টি আকর্ষণ কৰাৰ অর্থে প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাহ হয়াৰ শোচনীয় অৱস্থাৰ দৃশ্যসমূহ আবদ্ধ কৰি মন্তব্য আগবঢ়ায় যে বাসগৃহটো বর্তমানে অতি পৰিত্যক্ত অৱস্থাত থকাহ নহয়, চিলিং, বেৰ আদি খহি তলত পৰি থকা দৃশ্যহ সকলোকে ব্যথিত কৰিব৷ স্থানীয় তথা কাষৰে কিছু লোকক বাসগৃহটোৰ এনে অৱস্থাৰ বিষয়ে জানিব বিচৰাত ইতিমধ্যে সেই গৃহটো কোনো এগৰাকী ভদ্র মহিলাক বিক্রী কৰা হৈছে বুলি অসম সাহিত্য সভাৰ দলটোক জনায়৷ সেই মহিলাগৰাকীৰ ঠিকনাৰ সন্ধান কৰা হৈছিল যদিও কাষৰ কোনো লোকেহ সন্ধান দিব নোৱাৰাত অসম সাহিত্য সভাৰ দলটো হতাশ হৈ পৰে বুলি প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই জানিবলৈ দিয়ে৷ প্রধান সম্পাদকগৰাকীয়ে অচিৰেই সেই হতিহাস বিজডিত বাসগৃহটো যিকোনো প্রকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ প্রতি আহ্বান জনায়৷

You might also like