এজন প্ৰাপ্তবয়স্কৰ কিমানটা দাঁত থাকে? উত্তৰটো অৱশ্যেই ৩২ টা। অন্ততঃ সৰুৰে পৰা সকলোৱে সেইটো জানে। কিন্তু শেহতীয়াকৈ, বিহাৰৰ আৰা জিলাত ৮২ টা দাঁত থকা এজন কিশোৰ পোৱা গৈছে। শনি আচৰিত লাগিলেও নীতিশ কুমাৰ নামৰ এই যুৱকজনক দেখি চিকিৎসকসকল হতবাক হৈছিল। তিনি ঘণ্টাৰ সফল অস্ত্ৰোপচাৰৰ পিছত অৱশেষত নীতিশ সুস্থ হৈ উঠিছিল।
খবৰ অনুসৰি তেওঁ দীৰ্ঘদিন ধৰি জটিল অডণ্টোমা নামৰ এক বিৰল ৰোগত ভুগি আছিল। এক নিৰ্দিষ্ট প্ৰকাৰৰ টিউমাৰৰ বাবেই মুখত অধিক দাঁত বাঢ়িবলৈ আৰম্ভ কৰিছিল। শেষত বত্রিশৰ পৰিৱৰ্তে মুখত দাঁতৰ সংখ্যা বাঢ়িহলৈ ললে। ইফালে, দিন আগবাঢ়ি যোৱাৰ লগে লগে নীতিশৰ মুখখন ফুলিবলৈ ধৰিলে। লগতে তেওঁৰ তীব্ৰ বিষ অনুভৱ কৰে। নীতিশে অৱশেষত চিকিৎসকৰ কাষ চাপে। পাটনাৰ আইজিআইএমএছ চিকিৎসালয়ত চিকিৎসকসকলে তেওঁক এক্স-ৰে কৰিবলৈ কৈছিল। আৰু তাৰ পিছত এই বিৰল ৰোগটোৰ বিষয়ে জানিব পাৰিছিল।
চিকিৎসকসকলে জনায় যে প্ৰতি এক লাখ লোকৰ ভিতৰত এজন লোকৰহে এই ৰোগ হয়। এই টিউমাৰটো কিছুমান দাঁতৰ উপাদানৰ ত্ৰুটিৰ ফলত হৈছিল।
উল্লেখ্য যে নীতিশ কুমাৰে যোৱা পাঁচ বছৰ ধৰি এই ৰোগত আক্ৰান্ত হৈ আছিল। চিকিৎসাৰ বাবে বিভিন্ন ঠাইলৈ যোৱাৰ পাছতো কোনো সকাহ পোৱা নাছিল। অৱশেষত, Indira Gandhi Institute of Medical Sciences চিকিৎসকে এই ৰোগৰ পৰা তেওঁক ৰক্ষা কৰে।