নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকত অসম সন্তান

- আব্দুৰ ৰছিদ চৌধুৰী

ক্রীড়া বিশ্বৰ সর্ববৃহৎ মহাৰণ অলিম্পিক৷ ১২৫ বছৰীয়া অলিম্পিকৰ ইতিহাসত আঙুলিৰ মূৰত গণিব পৰা ভাৰতীয়ই লাভ কৰিছে চমকপ্রদ সফলতা৷ ভাৰতৰ এখন অংগ ৰাজ্য হিচাপে অলিম্পিকত অসমৰ অৱদান তেনেই সীমিত৷ এতিয়ালৈকে আমাৰ ৰাজ্য অসমৰ পৰা চাৰিজন খেলুৱৈ অলিম্পিকত অংশগ্রহণ কৰাৰ বিৰল কৃতিত্বৰ অধিকাৰী হৈছে৷ সেই চাৰিওজন পুৰুষ খেলুৱৈ৷ এইবাৰ টকি’ত হ’বলগীয়া অলিম্পিকত প্রথমবাৰৰ বাবে এগৰাকী অসমীয়া মহিলাই ভাগ ল’ব৷ তেওঁ হ’ল বক্সাৰ লাভলীনা বৰগোহাঁই৷ অলিম্পিকত অংশ লোৱা ৫ অসম সন্তানক লৈ তলত এই প্রতিবেদন আগবঢ়োৱা হৈছে– অলিম্পিকত অংশগ্রহণ কৰা প্রথমজন অসম সন্তান বর্তমান নাগালেণ্ডৰ অন্তর্গত মোককচাঙত জন্মগ্রহণ কৰা ডাঃ টালিমেৰন আও৷ অবিভক্ত অসমৰ যোৰহাট আৰু গুৱাহাটীৰ কটন কলেজত শিক্ষা গ্রহণ কৰা আৱে কটনত পঢ়ি থকা সময়তে মহাৰাণা এথলেটিক ক্লাবৰ হৈ ফুটবল খেলিব লয়৷ কটকৰ পিছত তেওঁ তেতিয়াৰ কলিকতালৈ চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ যায়৷ কলিকতালৈ গৈয়ে তেওঁ মোহনবাগান দলত যোগদান কৰে৷ ১৯৪২–১৯৫১ চনলৈ তেওঁ মোহনবাগানৰ হৈ খেলে৷ এই সময়ছোৱাত তেওঁ ইউৰোপীয় দলৰ বিৰুদ্ধে ভাৰতীয় দলত স্থান লাভ কৰে৷ স্বাধীনতাৰ পৰৱর্তী বছৰ অর্থাৎ ১৯৪৮ চনত অলিম্পিক অনুষ্ঠিত হয় লণ্ডনত৷ ভাৰতে প্রথমবাৰৰ বাবে ফুটবল দল প্রেৰণ কৰে৷ দলৰ নেতৃত্বৰ ভাৰ পৰে অসম সন্তান টালিমেৰন আওৰ ওপৰত৷ দলে প্রথমখন খেলত শক্তিশালী ফ্রান্সৰ বিৰুদ্ধে ২–১ গ’লত পৰাস্ত হৈ বিদায় ল’লেও আৱৰ ক্রীডা নৈপুণ্যতাই সকলোকে আকৃষ্ট কৰে৷ এয়াই আছিল অলিম্পিকত কোনো অসমীয়াই যোগদান কৰা প্রথম ঘটনা৷ টালিমেৰন আৱে অলিম্পিকত ভাগ লোৱাৰ ঠিক ৪৪ বছৰ পিছত দ্বিতীয়জন অসমীয়াই বিশ্বৰ বৃহৎ ক্রীডা প্রতিযোগিতাখনত যোগ দিয়াৰ গৌৰৱ অর্জন কৰে৷ সেয়া ১৯৯২ চনৰ বার্ছিলোনা অলিম্পিকৰ কথা৷ প্রথমবাৰৰ বাবে অলিম্পিকত অন্তর্ভুক্ত হৈছে বেডমিণ্টন৷ বেডমিণ্টনত সেই সময়ৰ দেশৰ শীর্ষ খেলুৱৈ হিচাপে বার্ছিলোনাগামী দলত স্থান লাভ কৰিছিল অসম তনয় দীপাংকৰ ভট্টাচার্যই৷ বার্ছিলোনাত দীপাংকৰে সফলতাও লাভ কৰিছিল৷ একেবাৰে প্রি–কোৱার্টাৰত পদার্পণ কৰে৷ প্রি–কোৱার্টাৰত বিশ্বৰ এক নম্বৰ স্থানৰ চীনা খেলুৱৈ ঝাও জিয়ানৰ হাতত পৰাস্ত হয়৷ ইয়াৰ চাৰি বছৰ পিছত আটলাণ্টা অলিম্পিকতো দীপাংকৰে ভাগ লয় যদিও প্রথম ৰাউণ্ডতে স্তব্ধ হয়৷ এইদৰে দুখন অলিম্পিকত ভাগ লোৱা প্রথম অসমীয়া হোৱাৰ কৃতিত্ব অর্জন কৰে তেওঁ৷ ইয়াৰ পিছত বিশ বছৰৰ অপেক্ষা৷ সেই অপেক্ষাৰ অন্তত একেলগে দুজন অসমীয়াই প্রথমবাৰৰ বাবে একেলগে অলিম্পিকত ভাগ লোৱাৰ সুযোগ লাভ কৰে৷ তেওঁলোক দুজন হ’ল আর্চাৰ জয়ন্ত তালুকদাৰ আৰু বক্সাৰ শিৱ থাপা৷ ২০০৬ চনত ক্র’য়েছিয়াত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ব্যক্তিগত শাখাত স্বর্ণ জয়েৰে সকলোকে চমকিত কৰা জয়ন্তই ২০১২ৰ লণ্ডন অলিম্পিকত পুৰুষৰ ৰিকার্ভ দলৰ লগতে ব্যক্তিগত শাখাত অংশগ্রহণ কৰিছিল৷ কিন্তু অর্জুন বঁটা বিজয়ী জয়ন্তই মেগা ইভেণ্টখনত কোনো সফলতা লাভ নকৰিলে৷ সেইবাৰ তেওঁৰ লগত ভাৰতীয় দলত স্থান পোৱা শিৱই বক্সিঙৰ বেণ্টামৱেইট (৫৪ কেজি) শাখাৰ প্রথম ৰাউণ্ডৰ পৰাই বিদায় লয়৷ ইয়াৰ চাৰি বছৰ পিছত শিৱই ৰি’ অলিম্পিকত যোগদান কৰি দীপাংকৰ ভট্টাচার্যৰ পিছত দুখনকৈ অলিম্পিকত ভাগ লোৱা অসমীয়া হোৱাৰ কৃতিত্ব অর্জন কৰে যদিও তেওঁ পুনৰ ব্যর্থ হয়৷ এতিয়ালৈ যি ৪জন অসমীয়াই অলিম্পিকত ভাগ লৈছে, তেওঁলোকৰ এজনেও সফলতা অর্জন কৰা নাই৷
২০১২ চনত আৰম্ভ হোৱা পৰম্পৰাৰ এইবাৰ যতি নপৰিল৷ এইবাৰো অলিম্পিকত দেখা যাব অসমীয়া মুখ৷ প্রথমবাৰৰ বাবে কোনো অসমীয়া মহিলাই ভাগ ল’ব ক্রীডা বিশ্বৰ মহাৰণত৷ এইবাৰ বক্সিঙৰ ৱেল্টাৰৱেইট (৬৯ কেজি) শাখাত প্রতিদ্বন্দ্বিতা কৰিব লাভলীনা বৰগোহাঁয়ে৷ বিগত বর্ষত জর্ডানত অনুষ্ঠিত অলিম্পিক বাছনি পর্বত তেওঁ লাভ কৰা সফলতাত সকলো মুগ্ধ হৈছিল৷ স্বাভাৱিক খেল প্রদর্শন কৰিব পাৰিলে লাভলীনাই অলিম্পিক পদক জয় কৰি ইতিহাস ৰচনা কৰিব পাৰিব৷

You might also like