নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঠাই বিক্রীৰ সময়ত ‘expiry date’ জনাব লাগিব ক্রেতাক! নতুন নির্দেশ FSSAI-ৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ঔষধ-পত্র, গাখীৰৰ পেকেট বা অন্যান্য পেকেটজাত সামগ্ৰী কিনাৰ সময়ত তাৰ ‘এক্সপায়াৰী ডেট’ বা ‘বেষ্ট বিফোৰ’ চোৱাটো আমাৰ সকলোৰেই অভ্যাস হৈ গৈছে। এই বিষয়ে নতুনকৈ জনাৰো প্রয়োজন নাই। থিক একদৰে এইবাৰ একেই নিয়ম কার্যকৰী হ’ব দোকানত থকা পছন্দৰ মিঠাই কিনাৰ ক্ষেত্রতো। কাৰণ, FSSAI-ৰ নতুন নির্দেশ অনুযায়ী, মিঠাই বিক্রীৰ ক্ষেত্রতো এইবাৰ তাৰ ‘এক্সপায়াৰী ডেট’ বা ‘বেষ্ট বিফোৰ’ উল্লেখ কৰিব লাগিব বিক্রেতাই। অহা ১ অক্টোবৰৰ পৰা এই নতুন নিয়ম কার্যকৰী হ’ব।

ইতিমধ্যেই দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহক চিঠি পঠাই এই বিষয়ে জনাইছে ফুড ছেফটি কমিছনাৰে। ফুড ছেফটি কমিছনাৰৰ এই চিঠিত উল্লেখ কৰা হৈছে, পেকেটজাত মিঠাইৰ ক্ষেত্রত তাৰ ‘বেষ্ট বিফোৰ’ তাৰিখ আৰু পেকেটজাত মিঠাইৰ ক্ষেত্ৰত লিখিব লাগিব ‘এক্সপায়াৰী ডেট’। ১ অক্টোবৰৰ পৰা এই নিয়ম বাধ্যতামূলক ভাবে কার্যকৰী হ’ব।

You might also like