নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাত্মক ক’ভিড–১৯ক পৰাভূত নয়দাৰ ১১দিনীয়া কেঁচুৱাৰ

নিয়মীয়া বাৰ্তা ৭ জুনঃ নয়দাৰ ১১দিনীয়া কেঁচুৱা এটাই পৰাভূত কৰিলে মাৰাত্মক ক’ভিড–১৯ক৷ মহামাৰী ভাইৰাছৰ পৰা সুস্থ হৈ থকা এই কেঁচুৱাটো হৈছে বিশ্বৰ ভিতৰতে কনিষ্ঠতম৷ নয়দাৰ হাস্পতালত ক’ভিড আক্রান্ত মাতৃয়ে সন্তানটি প্রসৱ কৰাৰ পাছতেই কেঁচুৱাটিও মাৰাত্মক ভাইৰাছত আক্রান্ত হয়৷ দুয়োজনকে হাস্পতালত ক’ভিড–১৯ চিকিৎসা চলোৱাৰ অন্তত সাত দিনৰ পাছত কেঁচুৱাটো ক’ভিড–১৯ৰ পৰা আৰোগ্য হয় আৰু চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়ে৷ অৱশ্যে ক’ভিড–১৯ত আক্রান্ত মাতৃগৰাকী এতিয়াও চিকিৎসালয়তে ভর্তি হৈ আছে৷ গৌতম বুদ্ধ নগৰ কর্তৃপক্ষই এই কথা সদৰী কৰি ১৫ দিনীয়া কেঁচুৱাটোৱে ক’ভিড–১৯ক পৰাভূত কৰাটো এক ধৰণৰ সাফল্য বুলি কয়৷ মাতৃগৰাকী ক’ভিড–১৯ৰ পৰা সুস্থ হৈ নুঠাটো এক চিন্তনীয় বিষয় বুলিও কয় কর্তৃপক্ষই৷ নয়দা হৈছে উত্তৰ প্রদেশৰ মাৰাত্মক ক’ভিড–১৯ সংক্রমণৰ এক হটস্পট৷

You might also like