নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্যৰ ন’বেল বঁটা তাঞ্জানিয়াৰ ঔপন্যাসিক আব্দুলৰাজাক গুৰনাহলৈ

শৰণার্থীৰ জীৱনগাথা ৰচনাৰাজিৰ মূল আধাৰ

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ বিশ্ব সাহিত্যৰ সর্বোচ্চ সন্মান ২০২১ বর্ষৰ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে তাঞ্জানিয়াৰ ঔপন্যাসিক আব্দুলৰাজাক গুৰনাহলৈ৷ ছুইডেনৰ ষ্টকহোমৰ ছুইডিছ একাডেমীয়ে আজি বিবৃতিযোগে ২০২১ বর্ষৰ সাহিত্যৰ ন’বেল বঁটা ঔপন্যাসিক আব্দুলৰাজাক গুৰনাহলৈ আগবঢ়োৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ ন’বেল কমিটীৰ বিবৃতিত প্রকাশ কৰা মতে, ঔপনিৱেশিকতাবাদৰ প্রভাৱ আৰু সংস্কৃতি আৰু মহাদেশৰ মাজত উপসাগৰীয় শৰণার্থীৰ ভাগ্যক লৈ আপোচহীন আৰু সহানুভূতিশীল তীক্ষ্ণ বক্তব্য ৰচনাৰাজিত প্রতিফলিত কৰাৰ বাবেই তাঞ্জানিয়াৰ ঔপন্যাসিক আব্দুলৰাজাক গুৰনাহক ২০২১ বর্ষৰ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে৷

ছুইডিছ একাডেমীয়ে বিবৃতিত আব্দুলৰাজাক গুৰনাহৰ সাহিত্য চর্চা সন্দর্ভত কয়– শৰণার্থীৰ জীৱনগাথা তেওঁৰ সমস্ত ৰচনাৰাজিৰ মূল আধাৰ৷ ইংলেণ্ডত বসবাস কৰি থাকোঁতেই ২১ বছৰ বয়সত গুৰনাহে সাহিত্য চর্চা আৰম্ভ কৰিছিল৷ তেওঁৰ প্রথম ভাষা তথা মাতৃভাষা যদিও স্বহিলি, কিন্তু তেওঁ সাহিত্যৰ ভাষা হিচাপে ইংৰাজী গ্রহণ কৰে৷ ইংৰাজীতেই তেওঁ সাহিত্য চর্চা কৰে৷ তেনেদৰে বিবৃতিত গুৰনাহ সন্দর্ভত কয়– আব্দুলৰাজাক গুৰনাহে খিলঞ্জীয়া লোকক জাগ্রত কৰিবৰ বাবে ঔপনিৱেশিক বিষয়বস্তুক প্রাধান্য দি পৰম্পৰাগতভাৱে চলি অহা বিষয়টোক নতুন দৃষ্টিভংগীৰে আগবঢ়াই নি পৰম্পৰা ভংগ কৰি দিয়ে৷ তেওঁৰ উপন্যাস ‘ডিজাৰচন’ত প্রেমৰ দণ্ডক প্রতিফলিত কৰি তেওঁ সেই প্রেমক সাম্রাজ্যবাদী ৰোমাঞ্চ বুলি আখ্যা দিছে৷

১৯৯৪ চনত প্রকাশিত পেৰেডাইজ শীর্ষক উপন্যাসেৰে বিশ্বব্যাপী ঔপন্যাসিকৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা আব্দুলৰাজাক গুৰনাহ ১৯৪৮ চনত পূব আফ্রিকাৰ জাঞ্জিবৰ দ্বীপত জন্মগ্রহণ কৰে৷ ইয়াতেই ডাঙৰ–দীঘল হোৱাৰ পাছত ১৯৬০ চনৰ শেষৰ ফালে গ্রেট ব্রিটেইনৰ ইংলেণ্ডলৈ শৰণার্থী হিচাপে গৈ তাতেই বসবাস কৰিবলৈ লয়৷ ১৯৬৮ চনত ব্রিটেইনৰ এগৰাকী শিক্ষার্থী হিচাপে বসবাস কৰিবলৈ লোৱা গুৰনাহে ২১ বছৰ বয়সৰ পৰা সাহিত্য চর্চাত মনোনিৱেশ কৰে৷ ১৯৮০ চনৰ পৰা ১৯৮২ চনলৈ গুৰনাহে নাইজেৰিয়াৰ কানোৰ বেয়েৰ’ বিশ্ববিদ্যালয়ৰ প্রবক্তা হিচাপে কাম কৰাৰ পাছত কেণ্ট বিশ্ববিদ্যালয়লৈ যায় আৰু তাতেই তেওঁ পি এইচ ডি লাভ কৰে৷ বর্তমান কেণ্ট বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু গ্রেজুৱেট ষ্টাডিজৰ সঞ্চালক৷ আফ্রিকা, কেৰিবিয়ান দ্বীপপুঞ্জ আৰু ভাৰত সম্পর্কীয় ঔপনিৱেশিকতাবাদৰ লগতে ঔপনিৱেশিকত্বৰ বিষয়ক প্রাধান্য দি গুৰনাহে সাহিত্য চর্চাত ব্যস্ত আছে৷

উল্লেখ্য যে পেৰাডাইজ, ডিজাৰচন আৰু বাই ডা চি উপন্যাস তিনিখনে বুকাৰ বঁটাৰ বাবে চুটি তালিকাভুক্ত হৈছিল যদিও বুকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ ঔপন্যাসিক গুৰনাহৰ উপন্যাসৰ ভিতৰত মেম’ৰী অৱ ডিপাৰেচাৰ, পিলগ্রিম্ছ ৱে’, ড’ট্টি, এডমায়াৰিং ছাইলেন্স, দ্য লাষ্ট গীফ্ট, গ্রেভেল হার্ট, আফটাৰলাইভ্ছ অন্যতম৷ তেওঁৰ চুটি গল্প সংকলন হৈছে– মাই মাদাৰ লিভ্ড অন এ ফার্ম ইন আফ্রিকা (২০০৬)৷ ঔপন্যাসিকগৰাকীয়ে এছেজ অন আফ্রিকান ৰাইটিঙৰ দুটা সংকলন সম্পাদনা কৰিছে৷ এই সংকলন দুটাত ভি এছ নাইপল, চলমান ৰুশ্বডি আৰু জ’ উইকম্ব’ৰ ৰচনাৰাজি অন্তর্ভুক্ত হৈছে৷ তেনেদৰে ‘এ কম্পেনিয়ন টু চলমান ৰুশ্বডি’ শীর্ষক গ্রন্থখনৰো সম্পাদক গুৰনাহ৷ ১৯৮৭ৰ পৰা ৱাছাফিৰি মেগাজিনৰ কণ্টিব্রিউটিং এডিটৰ হিচাপে কার্যনির্বাহ কৰি আছে৷ ৰুশ্বডি, নাইপল, জি ভি ডেছানি, এন্থনি বার্গেজ, যোছেফ কনৰাড, জর্জ লেমিং আৰু জামাইকা কিনকেইডৰ গৱেষণামূলক প্রকল্পৰ ছুপাৰভাইজ কৰি আছে ঔপন্যাসিকগৰাকীয়ে৷

You might also like