নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাড়ী চালনাৰ অনুজ্ঞাপত্র বাতিল বিতর্কিত মডেল ৰাজকন্যাৰ

ডিচিপি শুভ্রজ্যোতি বৰালৈ কাৰণ দর্শোৱাৰ জাননী ডিজিপিৰ

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ  আৰক্ষীৰ জেৰাত বিতর্কিত মডেল ৰাজকন্যা বৰুৱাৰ কু–কীর্তিৰ ন ন তথ্য পোহৰলৈ আহিছে৷ বৃহস্পতিবাৰে মডেল ৰাজকন্যাক আদালতত হাজিৰ কৰোৱাত আদালতে পুনৰ এদিনৰ বাবে ৰাজকন্যাক আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে ৰাজকন্যাক জেৰা অব্যাহত ৰাখিছে৷ ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষাৰ প্রতিবেদনত তেওঁ ড্রাগ্ছ আসক্ত বুলি পোহৰলৈ আহিছে৷

আনহাতে বিতর্কিত মডেল ৰাজকন্যাক প্রথম পর্যায়ত জামিন লাভ কৰাত আৰক্ষীৰ ভূমিকাক লৈ সংবাদ মাধ্যমত চর্চা হোৱাৰ পিছত দুগৰাকী তদন্তকাৰী আৰক্ষী বিষয়াক ৰিজার্ভ ক্ল’জ কৰাৰ পিছত বৃহস্পতিবাৰে ডিচিপি শুভ্রজ্যোতি বৰালৈ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰে৷

উল্লেখ্য যে বিতর্কিত মডেলগৰাকীৰ গাড়ী চালনাৰ অনুজ্ঞাপত্র বাতিল কৰিছে জিলা পৰিবহণৰ কার্যালয়ে৷

You might also like