নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুদ্রত নামিল পাৰমাণৱিক ছাবমেৰিন ‘এছ–৪’

🔹 চীনক প্রত্যাহ্বান জনাবলৈ নৌসেনাৰ শক্তি বৃদ্ধি ভাৰতৰ

বিশেষ বাৰ্তা, ২৩ অক্টোবৰ : দক্ষিণ চীন আৰু বংগোপ সাগৰত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে চীনা আগ্রাসন৷ ৰঙা চীনক প্রত্যাহ্বান জনাবলৈ প্রস্তুতি আৰম্ভ কৰি দিছে ভাৰতেও৷ সমগ্র শত্রুক প্রত্যাহ্বান জনাবলৈ ভাৰতৰ চতুর্থখন পাৰমাণৱিক ছাবমেৰিন মুকলি কৰি দিয়া হৈছে৷ নির্মাণকার্য সম্পূর্ণ হোৱাৰ পাছত বিশাখাপট্টনমৰ শ্বিপ বিল্ডিং চেণ্টাৰৰ পৰা চলিত সপ্তাহত সমুদ্রত নামিছে ‘এছ–৪’ কোড নামেৰে পৰিচিত এই পাৰমাণৱিক ছাবমেৰিনখন৷ উল্লেখনীয় যে সমুদ্রত নমাৰ এদিন পূর্বে প্রতিৰক্ষী মন্ত্রী ৰাজনাথ সিঙে তেলেংগানাত এটা নেভাল ষ্টেচন মুকলি কৰে৷ ‘মেক ইন ইণ্ডিয়া’ নীতিত ৭৫ শতাংশ দেশীয় প্রযুক্তি আৰু সৰঞ্জাম ব্যৱহাৰ কৰি নির্মাণ কৰা হৈছে এই ছাবমেৰিনখন৷ প্রতিবেদন অনুসৰি, এছ–৪ ছাবমেৰিনে ৩,৫০০ কিলোমিটাৰ দূৰত্বত আঘাত হানিব পৰা ‘কে–৪’ পৰমাণু ক্ষেপণাস্ত্রক বহন কৰিব পাৰিব৷ অৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে কোনো চৰকাৰী নামকৰণ কৰা হোৱা নাই এই ছাবমেৰিনখনৰ৷ মাথোঁ কোড নাম ৰখা হৈছে ‘এছ–৪’৷ লক্ষণীয়ভাৱে পাৰমাণৱিক শক্তিসম্পন্ন এই বেলিষ্টিক ক্ষেপণাস্ত্র ছাবমেৰিন পূর্বৰে পৰা নির্মাণ কৰাৰ সংকল্প লৈ আহিছে ভাৰতে৷ ইয়াৰ পূর্বে তিনিখন পাৰমাণৱিক ছাবমেৰিন ভাৰতীয় নৌসেনাৰ হাতত অর্পণ কৰা হৈছে৷ এছ–৪ ছাবমেৰিন কেতিয়া নৌসেনাক আনুষ্ঠানিকভাৱে অর্পণ কৰা হ’ব সেই সন্দর্ভত প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা কোনোধৰণৰ তথ্য সদৰী কৰা হোৱা নাই৷ বংগোপ সাগৰ আৰু ভাৰত মহাসাগৰত শান্তি তথা সুস্থিৰতা অক্ষত ৰখাৰ স্বার্থতে ভাৰতে নিজাববীয়াকৈ এই পাৰমাণৱিক ক্ষমতাসম্পন্ন ছাবমেৰিন নির্মাণ কৰা বুলি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে দাবী কৰিছে৷ ভাৰতে প্রথমখন পাৰমাণৱিক ছাবমেৰিন আইএনএছ চক্র নির্মাণ কৰিছিল৷ ইয়াৰ পাছত আইএনএছ আৰিহাণ্ট আৰু আইএনএছ আৰিঘাট নৌসেনাৰ বাবে নির্মাণ কৰা হৈছিল৷ লক্ষণীয়ভাৱে ভাৰতে এতিয়ালৈকে নির্মাণ কৰা পাৰমাণৱিক ছাবমেৰিনসমূহৰ ভিতৰত ‘এছ–৪’ আটাইতকৈ ডাঙৰ।

You might also like