নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ এটা নহয়, দুটা নহয়, ১২১টাকৈ প্রজাতিৰ আম লাগিল একেডাল গছত৷ এই যাদুকৰী গছ চাবলৈ এতিয়া পর্যটকৰ ভিৰ লাগিছে আমবাগানত৷ একেডাল গছতে ১২১টা প্রজাতিৰ আম কেনেদৰে সম্ভৱ হ’ল? উত্তৰ প্রদেশৰ ছাহাৰাণপুৰত এই চমৎকাৰ সম্ভৱ কৰি তুলিছে বিজ্ঞানীসকলে৷ ছাহাৰাণপুৰ জিলাৰ কোম্পানীবাগ অঞ্চলত আছে হর্টিকালচাৰ এণ্ড ষ্টাডিং হার্ট৷ ইয়াতে গছ আৰু ফল সন্দর্ভত বিজ্ঞানীসকলে দীর্ঘদিনৰ পৰা গৱেষণা চলাই আহিছে৷ এই গৱেষণা কেন্দ্রৰ বাগিচাতেই এজোপা গছত ১২১টা প্রজাতিৰ আম লগা দেখিবলৈ পোৱা গৈছে৷
দশেৰী, লেংৰা, চৌছা, ৰামকেলা, আম্রপলি, ছাহাৰাণপুৰ সৌৰভ, ছাহাৰাণপুৰ গৌৰৱ, ছাহাৰাণপুৰ অৰুণ, ছাহাৰাণপুৰ বৰুণ, ছাহাৰাণপুৰ ৰাজীৱৰ দৰে বিভিন্ন প্রজাতিৰ আম দেখিবলৈ পোৱা গৈছে এই গছজোপাত৷ লক্ষণীয়ভাৱে গ্রাফটিং পদ্ধতিৰ জৰিয়তে গছজোপাত বিভিন্ন প্রজাতিৰ আমৰ কলম সম্ভৱ কৰি তুলিছে বিজ্ঞানীসকলে৷