নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ যৌন নির্যাতন আৰু সুৰক্ষা আইন

শেহতীয়া কিছু বছৰত অসমত শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা ক্রমাৎ বাঢ়ি অহাটোৱে আমাৰ সমাজৰ এক ভয়াৱহ অধঃপতনৰ প্রতি ইংগিত কৰিছে৷ আমাৰ সমাজ এতিয়া এনে এটা অৱস্থালৈ আহিছে যে শিশু ধর্ষণৰ ঘটনা এতিয়া ইয়াত প্রায় প্রাত্যহিক সংবাদ, কিছুমান মানুহ এতিয়া সাত–আঠ বছৰীয়া শিশুৰদ্বাৰাও যৌন কামনা জাগ্রত হ’ব পৰাকৈ ভয়াৱহ পৈশাচিকতাৰ পর্যায়লৈ অৱনমিত আৰু চৰম পৰিতাপৰ কথা হ’ল, এই ধৰণৰ ঘটনাৰ বহুকেইটাতে ধর্ষণকাৰী ধর্ষিত শিশুটোৰ নিকটাত্মীয় বা অতি পৰিচিত লোক৷
শিশুৰ ওপৰত চলা যৌন অপৰাধৰ ক্ষেত্রত আইনগত প্রতিকাৰৰ ব্যৱস্থা হিচাপে ভাৰতৰ সংসদে ‘দ্য প্রটেকচন অৱ চিল্ডৰেন ফ্রম ছেক্সুৱেল অফেন্সেজ এক্ট, ২০১২’ (চমুকৈPOCSO) বলৱৎ কৰিছিল যদিও শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনাৰ হ্রাসকৰণৰ ক্ষেত্রত এই আইনখনে বেছি আশাব্যঞ্জক ফল যে দেখুৱাব পৰা নাই, সেয়া এই ধৰণৰ ঘটনাবোৰেই প্রমাণ কৰি আছে৷ আচলতে বিকৃত মানসিকতাৰ মানুহবোৰে তেওঁলোকৰ মানসিকতা সলনি নকৰিলে কেৱল আইনৰ জৰিয়তে এনে এক ভয়াৱহ সামাজিক ব্যাধিক আঁতৰ কৰা টান হৈ পৰে লগতে এইটোৱো মন কৰিবলগীয়া কথা যে এনেকুৱা মানুহৰ মানসিকতাৰ পৰিৱর্তন হঠাতেই, কিবা আকস্মিক শক্তিৰ বলত হ’ব বুলি আশা কৰাটোও আমাৰ বাতুলতা মাথোন হ’ব৷ সেয়ে যিমানেই সীমাবদ্ধতা নাথাকক আমি আইনগত প্রতিকাৰৰ ওপৰতেই অধিক নির্ভৰ কৰিবলৈ বাধ্য৷POCSO আইনখনৰ গুৰুত্ব আমিতো নাকচ কৰিব নোৱাৰোঁৱেই, বৰং আইনখন সম্পর্কত জনসজাগতাৰ সৃষ্টি এই মুহূর্তত আমাৰ বাবে এক অৱশ্য পালনীয় কর্তব্য৷
‘দ্য প্রটেকচন অৱ চিল্ডৰেন ফ্রম ছেক্সুৱেল অফেন্সেজ এক্ট, ২০১২’ আইনখনত ভাৰতৰ তদানীন্তন ৰাষ্ট্রপতি প্রতিভা পাটিলে ২০১২ চনৰ ১৯ জুনত স্বাক্ষৰ কৰাৰ পাছত এই আইনখনৰ অধীনত তৈয়াৰী বিধিসমূহৰ সৈতে সেই বছৰৰ ১৪ নৱেম্বৰৰ পৰা ই কার্যকৰী হয়৷ আইনখনৰ আৰম্ভণিতে কোৱা হৈছে যে আইনখন প্রস্তুত কৰা হৈছে যৌন আক্রমণ Assault), যৌন উৎপীডন Harassment), কামোদ্দীপক সাহিত্য বা ছবি প্রস্তুতকৰণ Pornography) আদি অপৰাধৰ পৰা শিশুক সুৰক্ষিত কৰা আৰু এই ধৰণৰ অপৰাধৰ বিচাৰৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰা৷
এই আইনখনৰ প্রসংগতে আহি পৰে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে ১৯৮৯ চনত গ্রহণ কৰা আৰু বিশ্বৰ ১৯৬খন দেশে মানি লোৱা ‘কনভেনচন অন দ্য ৰাইটছ অৱ দ্য চাইল্ড’ৰ কথা৷ ভাৰত চৰকাৰে ১৯৯২ চনৰ ১১ ডিচেম্বৰত সন্মতি প্রকাশ কৰা এই কনভেনচনৰ নির্দেশসমূহকে POCSO আইনৰ প্রস্তুতিৰ ক্ষেত্রত বিশেষ গুৰুত্বসহকাৰে লোৱা হৈছে৷ ৰাষ্ট্রসংঘৰ উল্লিখিত কনভেনচনখনে ওঠৰ বছৰ বয়সৰ তলৰ সকলোকে শিশুৰ সংজ্ঞাভুক্ত কৰাৰ দৰেPOCSO আইনখনেও ওঠৰ বছৰ বয়সৰ তলৰ যিকোনো ব্যক্তিকেই শিশু হিচাপে অভিহিত কৰিছে৷
আইনখনত শিশুৰ ওপৰত হোৱা বিভিন্ন ধৰণৰ যৌন নির্যাতনক কেইবাটাও ভাগত বিভক্ত কৰি সেইমতে শাস্তিৰ বিধান দিয়া হৈছে৷ ধর্ষণ বা সম পর্যায়ৰ অন্তর্ভেদী penetrative) যৌন কার্যকpenetrative sexual assault হিচাপে আলোচনা কৰা হৈছে আৰু এনে অপৰাধ কৰা অপৰাধীৰ বাবে সাত বছৰ (২০১৯ চনৰ সংশোধনী অনুসৰি দহ বছৰ) কাৰাবাসৰ পৰা আজীৱন কাৰাবাসলৈকে (অর্থাৎ অপৰাধীৰ স্বাভাৱিক জীৱনৰ বাকী সময়ছোৱালৈকে) শাস্তি আৰু লগতে জৰিমনাৰো ব্যৱস্থা ৰখা হৈছে৷ এনে অপৰাধৰ বলি হোৱা শিশুৰ বয়স ১৬ বছৰতকৈ কম হ’লে অপৰাধীৰ কাৰাবাসৰ ম্যাদ ২০ বছৰতকৈ কম হ’ব নালাগে৷ কিছুমান অন্তর্ভেদী penetrative) যৌন আক্রমণকaggravated penetrative sexual assault হিচাপে গণ্য কৰা হৈছে, আৰু এই পর্যায়ৰ যৌন অপৰাধৰ কেইটামান হৈছে – যদি অপৰাধীগৰাকী আৰক্ষী বিষয়া, সামৰিক বাহিনী বা সুৰক্ষা বাহিনীৰ সদস্য, কাৰাগাৰ, ৰিমাণ্ড হোম আদিৰ কর্মী, চিকিৎসালয়, শিক্ষানুষ্ঠান, ধর্মীয় অনুষ্ঠান আদিৰ কর্মী হয় আৰু তেওঁলোকে নিজৰ কর্মস্থলত এনে কার্য সংঘটিত কৰে অথবা অপৰাধীগৰাকী জনসেৱাত নিয়োজিত ব্যক্তি হয় অথবা যৌন অপৰাধটো একাধিক ব্যক্তিৰ দ্বাৰা সংঘটিত হয়, অথবা ধর্ষণৰ বলি শিশুটো ১২ বছৰ বয়সৰ তলৰ হয় অথবা ধর্ষণ কার্যটোৱে শিশুটোক ‘মেণ্টেল হেল্থ এক্ট, ১৯৮৭ (১৯৮৭) ১৪১’ অনুসৰি মানসিকভাৱে অসুস্থ কৰে অথবা ধর্ষিত শিশুটো ছোৱালী হ’লে ধর্ষণকার্যৰ ফলত ছোৱালীজনী গর্ভৱতী হয়৷ এই স্তৰৰ যৌন অপৰাধসমূহৰ শাস্তি কমেও বিছ বছৰৰ কঠোৰ কাৰাবন্দিত্বৰ পৰা আৰম্ভ কৰি আজীৱন কাৰাবাস (অর্থাৎ অপৰাধীৰ স্বাভাৱিক জীৱনৰ বাকী সময়ছোৱালৈকে) অথবা মৃত্যুদণ্ডও হ’ব পাৰে৷ আনহাতে যৌন উদ্দেশ্যেৰ শিশু এটাৰ শৰীৰৰ বিভিন্ন অংগক বিভিন্ন ধৰণেৰে স্পর্শ কৰা কার্যকsexual assault হিচাপে ধৰা হৈছে আৰু ইয়াৰ বাবে তিনি বছৰৰ পৰা পাঁচ বছৰলৈকে কাৰাবাস আৰু জৰিমনাৰ শাস্তিৰ বিধান দিয়া হৈছে৷ ইয়াৰ উপৰি কিছুমান অপৰাধকÁaggravated sexual assault হিচাপে ধৰা হৈছে আৰু যিবোৰ কাৰকৰ আধাৰত এই স্তৰৰ অপৰাধসমূহ চিনাক্ত কৰা হৈছে, সেইবো aggravated penetrative sexual assault–ৰ ওপৰত উল্লেখ কৰা কাৰকসমূহৰ সৈতে একে৷Aggravated sexual assault হিচাপে চিহ্ণিত অপৰাধবোৰৰ ক্ষেত্রত শাস্তি কমেও পাঁচ বছৰৰ পৰা সাত বছৰলৈকে ৰখা হৈছে আৰু ইয়াৰ সৈতে জৰিমনাও সংলগ্ণ কৰা হৈছে৷
যৌন উদ্দেশ্যে শিশুৰ ওচৰত অশ্লীল শব্দ কোৱা, শিশুক অশ্লীল ইংগিত দিয়া বা অপৰাধীগৰাকীয়ে নিজৰ শৰীৰৰ কোনো অংশ প্রদর্শন কৰা, শিশুটোক নিজৰ শৰীৰৰ কোনো অংশ প্রদর্শন কৰিবলৈ বাধ্য কৰা, পর্নগ্রাফিক উদ্দেশ্যে শিশুটোক যৌনগন্ধী কোনো বস্তু যিকোনো ধৰণেৰে বা যিকোনো মাধ্যমৰ সহায়ত দেখুওৱা, পোনপটীয়াকৈ বা প্রযুক্তিগত মাধ্যমেৰে শিশু এটাক অনবৰতে অনুসৰণ কৰা, নজৰত ৰখা বা শিশুটোৰ সৈতে সংযোগ স্থাপন কৰা, শিশু এটাৰ শৰীৰ বা কোনো যৌন কার্যৰ সৈতে শিশুটো জডিত থকাৰ ছবি আদি বিভিন্ন মাধ্যমেৰে প্রচাৰ কৰাৰ ভাবুকি দেখুওৱা আদিকsexual Harassment হিচাপে ধৰা হৈছে আৰু এনেকুৱা অপৰাধৰ ক্ষেত্রত তিনি বছৰলৈকে কাৰাবাস আৰু জৰিমনাক শাস্তি হিচাপে ৰখা হৈছে৷ পর্নগ্রাফিক উদ্দেশ্যত শিশু এটাক ব্যৱহাৰ কৰিলে এই অপৰাধৰ বাবে কমেও পাঁচ বছৰ কাৰাবাস আৰু জৰিমনাৰ ব্যৱস্থা ৰখা হৈছে৷
আলোচিত আইনখনৰ ২২নং অনুচ্ছেদত কোৱা হৈছে যে যদি কোনো শিশুৰ ওপৰত যৌন অপৰাধৰ মিছা অভিযোগ বা তথ্য দাখিল কৰা হয়, তেনেহ’লে অভিযোগকাৰী বা তথ্য যোগানধাৰীক ছমাহলৈকে কাৰাদণ্ড বা জৰিমনা বা উভয়ৰ মাধ্যমেৰে শাস্তি প্রদান কৰা হ’ব৷ শিশুৰ গোপনীয়তা ৰক্ষাৰ অধিকাৰক right to privacy and confidentiality) বিশেষ গুৰুত্ব আৰোপ কৰা এই আইনখনে যিকোনো মাধ্যমৰ জৰিয়তে শিশুটোৰ নাম, ঠিকনা, বিদ্যালয়ৰ নাম, ছবি, পৰিয়াল আৰু ওচৰ–চুবুৰীয়াৰ বিৱৰণ বা আন যিকোনো বিৱৰণ যিয়ে শিশুটোৰ পৰিচয় প্রকাশ কৰে সেইবোৰ প্রকাশৰ ক্ষেত্রত বাধা আৰোপ কৰিছে৷
এইখিনিতে মন কৰিবলগীয়া এটা কথা হৈছে এই আইনখনত শিশু বোলোতে কেৱল কন্যা শিশুকেই ধৰা হোৱা নাই৷ বৰ বেছি চর্চিত নোহোৱাকৈ থাকিলেও এইটোৱে সঁচা কথা যে বহু কামাতুৰ সমকামী পুৰুষৰ যৌন নির্যাতনৰ বলি হোৱা বহু ল’ৰা শিশুও থাকে, আৰু এই শিশুসকলৰ সুৰক্ষাৰ ব্যৱস্থাও এই আইনখনৰ আধাৰতে হ’ব পাৰে৷ পিছে আমাৰ দেশৰ আইনী প্রক্রিয়াটো ইমান দীঘলীয়া আৰু ইয়াত সুৰুঙা উলিওৱাৰ সুযোগ ইমানেই বেছি যে শিশুৰ ওপৰত যৌন নির্যাতনৰ ক্ষেত্রত দেশৰ আইনে এতিয়াও উপযুক্ত প্রতিকাৰৰ ব্যৱস্থা দিব পৰা নাই৷ তাৰো উপৰি বহু অভিভাৱকে নিজৰ সন্তানৰ প্রতি কোনো ডাঙৰ লোকে দেখুওৱা যৌনতামিশ্রিত আচৰণকো অজ্ঞতাবশতঃ সাধাৰণ কথা বুলি এৰি দিয়া দেখা যায়৷ যৌন নির্যাতনৰ পৰা শিশুৰ সুৰক্ষাৰ প্রথম পদক্ষেপটোৱেই হ’ল অভিভাৱকৰ সজাগতা৷

-লেখক সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ, বজালী
ফোন: ৯৪৩৫৩–২১০৯০

You might also like