নিয়মীয়া বাৰ্তা ৯ মেঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত ভাৰতত প্রতিদিনেই মৃতকৰ সংখ্যা বর্ধিত হৈ আছে৷ বিশ্বৰ প্রথম দেশ হিচাপে ভাৰতত এদিনত চাৰি লক্ষাধিক লোক আক্রান্ত হৈছে৷ প্রতিদিনে মৃতকৰ সংখ্যাও দ্রুতগতিত বৃদ্ধি হৈছে৷ বিগত ১৬ দিন ধৰি প্রতিদিনেই তিনি সহস্রাধিককৈ লোকে প্রাণ হেৰুওৱাৰ পিছত প্রথমবাৰৰ বাবে যোৱা ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা চাৰি সহস্রাধিক হৈছে৷
মহামাৰী ভাইৰাছটোৰ সংহাৰৰ ধাৰা অব্যাহত থাকিলে জুনৰ ভিতৰত দেশত চাৰি লক্ষাধিক লোকে প্রাণ হেৰুৱাব বুলি আই এছ এছ বাংগালুৰুৰ সকীয়নি দিয়াৰ পিছত এইবাৰ ব্রিটিছ মেডিকেল জার্নেল লানছেটত ভাৰতত মৃতকৰ সংখ্যাক লৈ ভয়াৱহ তথ্য প্রকাশ পাইছে৷ বর্তমানলৈকে ভাৰতত ২,৩৪,০৮৩জন লোকৰ মৃত্যু ঘটিছে৷ এই পৰিসংখ্যাৰ আধাৰত তথা ক’ভিড সংক্রমণৰ তীব্রতাৰ লগতেই দেশৰ স্বাস্থ্য ব্যৱস্থাক নিৰীক্ষণ কৰি ব্রিটিছ মেডিকেল জার্নেল লানছেটে এক আগষ্টৰ ভিতৰত ভাৰতত ক’ভিডত আক্রান্ত হৈ মৃতকৰ সংখ্যা ১০ লাখ স্পর্শ কৰিব বুলি সতর্কতামূলক প্রতিবেদন প্রকাশ কৰিছে৷
আন্তর্জাতিক স্বাস্থ্য গৱেষণা সংগঠন ইনষ্টিটিউট ফৰ হেলথ বেট্রিক্স এণ্ড এডুকেচনৰ প্রসংগৰে লানছেটত প্রকাশিত তথ্য অনুসৰি ভাৰতত ১ আগষ্টৰ ভিতৰত ক’ভিডত ১০ লাখ লোকে প্রাণ হেৰুৱাব৷ লানছেটত এই কথাও উল্লেখ কৰা হৈছে যে ভাৰতে ক’ভিড–১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্রত যিবোৰ বিসংগতি কৰি আছে এইবোৰ আঁতৰ কৰিব লাগিব৷ অন্যথা ই ভয়াৱহ হৈ ১০ লাখ লোকৰ প্রাণকাঢ়ি নিয়াটো প্রায় সত্যতা প্রমাণিত হ’ব৷
তদুপৰি লানছেটে এই কথাও স্পষ্টকৈ পৰামর্শ দিছে যে ভাৰতে টিকাকৰণ অভিযান অতি ক্ষিপ্রতৰ কৰি তুলিব লাগিব আৰু দেশৰ প্রতিটো প্রান্তত এই অভিযান সফল কৰিব লাগিব৷ চহৰঞ্চলৰ উপৰি গ্রামাঞ্চল আৰু দুখীয়া নাগৰিকৰ ক্ষেত্রত সহজতে যাতে ভেকচিন লাভ কৰিব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি ভেকচিন প্রদান আৰু বিতৰণ অভিযান ক্ষিপ্রতৰ কৰিব লাগিব৷ তদুপৰি মহামাৰী ভাইৰাছটোৰ সংক্রমণ দেশখনে নিয়ন্ত্রণ কৰিব লাগিব৷ সঠিক তথ্য সময়মতে ৰাজহুৱাভাৱে প্রকাশ কৰি জনতাক সাৱধান আৰু সজাগ কৰাৰ লগতে পুনৰ ৰাষ্ট্রীয় লকডাউনৰ কথা বিবেচনা কৰাৰো পৰামর্শ আগবঢ়াইছে৷