এটা বর্ষত মানুহৰ আক্রমণত মৃত্যু ৪০৭টা হাতীৰ
সুৰক্ষা প্রদানৰ বাবে কার্যকৰী ব্যৱস্থা গ্রহণ কৰা নাই কলম্বো প্রশাসনে
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ শ্রীলংকাত হাতী–মানুহৰ সংঘাতৰ ঘটনা বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি বুলি চিহ্ণিত হৈছে৷ দ্বীপৰাষ্ট্রখনৰ কমিটী অন পাব্লিক একাউণ্টছ (চি’পিএ)ৰ তৰফৰ পৰা এক বিশেষ গণনা প্রক্রিয়া আৰম্ভ কৰিবলৈ নির্দেশ দিয়া হৈছিল সংৰক্ষণ আৰু গৱেষণা কেন্দ্রৰ মুৰব্বী তথা হাতী বিশেষজ্ঞ ডাঃ পৃথ্বিৰাজ ফার্নাণ্ডোক৷ বিশেষজ্ঞগৰাকীয়ে দাখিল কৰা প্রতিবেদন অনুসৰি যোৱা ১২টা মাহত শ্রীলংকাত মৃত্যু হৈছে ৪০৭টা হাতীৰ৷ ইয়াৰ পূর্বৰ বছৰটোত ২৭২টা হাতীৰ মৃত্যু হৈছিল দ্বীপৰাষ্ট্রখনত৷ উল্লেখনীয় যে মানুহৰ সৈতে হোৱা সংঘাতৰ বলি হৈছে এই ৪ শতাধিক হাতী৷ ইফালে, বর্ষটোত হাতীৰ আক্রমণত মৃত্যু হৈছে ১২২গৰাকী লোকৰ৷ পূর্বৰ বর্ষটোত ৮৫গৰাকী লোকৰ হাতীৰ আক্রমণত মৃত্যু হৈছিল৷ চি’পিএৰ প্রতিবেদন অনুসৰি দ্বীপৰাষ্ট্রখনত হাতীৰ সুৰক্ষাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷ পৰিণতিত জনাঞ্চললৈ অহা হাতীৰ জাকৰ ওপৰত সঘনে আক্রমণ চলাবলৈ সুযোগ লাভ কৰি আহিছে মানুহে৷ ডেইলী নিউজৰ প্রতিবেদন অনুসৰি হাতী–মানুহৰ সংঘাতৰ ফলত আটাইতকৈ বেছি লোকৰ বছৰি মৃত্যু হয় ভাৰতত৷ কিন্তু শ্রীলংকাত আটাইতকৈ বেছি হাতীৰ মৃত্যু হয়৷ চি’পিএৰ অধ্যক্ষ তিছা ভিটাৰাণাই সংবাদ মাধ্যমক জনোৱা অনুসৰি বিগত ছটা দশক ধৰি হাতী–মানুহৰ সংঘাতৰ অৱসান ঘটাবলৈ প্রচেষ্টা চলাই থকা হৈছে যদিও এইক্ষেত্রত লক্ষণীয় কোনো ধৰণৰ পদক্ষেপ এতিয়ালৈকে গ্রহণ কৰা হোৱা নাই৷ ২০১৬ চনত দেশখনত ৪,২১১ কিলোমিটাৰ এলিফেণ্ট ফেঞ্চ নির্মাণ কৰা হৈছিল যদিও ইয়াৰ সুফল পোৱা নাই দ্বীপৰাষ্ট্রখনে৷