নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ সমুদ্র পথৰ নিৰাপত্তাক লৈ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতর্কত প্রথমবাৰৰ বাবে এগৰাকী ভাৰতীয় প্রধানমন্ত্রী হিচাপে বৈঠকখনত অধ্যক্ষতা কৰে নৰেন্দ্র মোদীয়ে৷ সমুদ্র পথ নিৰাপত্তা আৰু অর্থনীতিৰ ক্ষেত্রত অতি প্রাসংগিক বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে সাগৰীয় বাণিজ্যৰ ক্ষেত্রত থকা আইনী বাধাসমূহ আঁতৰ কৰাৰ আৱশ্যক আছে৷ কিয়নো সাগৰীয় বাণিজ্যত থকা যিকোনো বাধাই অর্থনীতিত আঘাত কৰে৷
ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতর্কত ভিডিঅ’ কনফাৰেঞ্চযোগে অধ্যক্ষতা কৰি প্রধানমন্ত্রী মোদীয়ে পাঁচটা মূল নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ প্রধানমন্ত্রী মোদীয়ে গুৰুত্ব আৰোপ কৰা পাঁচটা মূল নীতিৰ ভিতৰত মুক্ত সাগৰীয় বাণিজ্যৰ বাবে প্রতিবন্ধক হৈ থকা আইনী বাধাসমূহ আঁতৰাই এক আইনী বাণিজ্য স্থাপন কৰা৷ দ্বিতীয়তে আন্তর্জাতিক আইনৰ আধাৰত শান্তিপূর্ণভাৱে সাগৰীয় বিবাদসমূহ মীমাংসা কৰা৷
আনপিনে, তৃতীয়তে সাগৰীয় যাতায়াত দায়বদ্ধতাৰে উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব দিয়ে প্রধানমন্ত্রীগৰাকীয়্৷ ৰাষ্ট্রসংঘৰ বাহিৰৰ শক্তি অর্থাৎ অসাধু শক্তি আৰু প্রাকৃতিক দুর্যোগৰ পৰা সাগৰীয় পথলৈ অহা যিকোনো ভাবুকিক সংঘবদ্ধভাৱে প্রতিহত কৰাৰ লগতে পঞ্চম নীতি হিচাপে সাগৰীয় পৰিৱেশ আৰু সাগৰীয় সম্পদসমূহ সংঘবদ্ধভাৱে সংৰক্ষণ কৰিব লাগে বুলি প্রধানমন্ত্রী মোদীয়ে মত ব্যক্ত কৰে৷ পৃথিৱীৰ ভৱিষ্যতৰ বাবে সাগৰবোৰ অতি গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে আন্তর্জাতিক বাণিজ্যৰ জীৱন ৰেখা সাগৰীয় পথ আৰু আমাৰ ঐতিহ্য বুলি দোহাৰে৷
সাগৰীয় নিৰাপত্তাৰ কাৰণে আঞ্চলিক আন্তঃগাঁথনি বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দি প্রধানমন্ত্রী মোদীয়ে কয় যে সাগৰীয় পথৰ দুর্যোগৰ সময়ত প্রথম সহায় আগবঢ়োৱা দেশেই হৈছে ভাৰত৷ পৃথিৱীৰ বাবে প্রত্যাহ্বান হৈ পৰা জলবায়ু পৰিৱর্তন সাগৰীয় নিৰাপত্তাৰ বাবেও এক প্রত্যাহ্বান হৈছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতর্কত অধ্যক্ষতা কৰি আৰম্ভণিতে প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রসংঘৰ সচিবপ্রধানকে ধৰি অংশগ্রহণকাৰী দেশসমূহৰ মুৰব্বীক ধন্যবাদ আৰু কৃতজ্ঞতা প্রকাশ কৰে৷
উল্লেখ্য যে সোমবাৰে সন্ধিয়া ৫.৩০ বজাত ভিডিঅ’ কনফাৰেঞ্চযোগে আয়োজিত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতর্কত ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন, আমেৰিকা যুক্তৰাষ্ট্রৰ বৈদেশিক সচিব এন্থনী ব্লিংকেন, নিগাৰৰ ৰাষ্ট্রপতি মহম্মদ বাজুম, কেনিয়াৰ ৰাষ্ট্রপতি উহুৰু কেনিয়েটাকে ধৰি কেইবাখনো ৰাষ্ট্রৰ মুৰব্বীয়ে অংশগ্রহণ কৰে৷