নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াও আগ্রাসী মিজোৰ দখলত অসমৰ ১,৫৭৭ হেক্টৰ ভূমি

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ অসমৰ ভূমিত আগ্রাসন চলাই শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য মিজোৰামে বৰাক উপত্যকাৰ হাইলাকান্দি আৰু কাছাৰ জিলাত দখল কৰা ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী৷ বিধানসভাত সোমবাৰে এই তথ্য সদৰী কৰিলে সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাই৷

বিৰোধীয়ে অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰাৰ অভিযোগেৰে সৰৱ হৈ থকাৰ সময়তে গৃহ বিভাগৰ হৈ আজি এই তথ্য দাঙি ধৰি মন্ত্রীগৰাকীয়ে সদনত জানিবলৈ দিয়ে যে হাইলাকান্দি জিলাত অসম আৰক্ষী আৰু ৰাজ্যখনৰ বন বিভাগে যৌথ অভিযানেৰে নিজৰ কবলত থকা ২০০ হেক্টৰ ভূমি মুক্ত কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে অসম–মিজোৰাম সীমান্তৱর্তী কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ ভূমি দখল সন্দর্ভত বিধায়ক নজৰুল হকে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰত গৃহ বিভাগৰ হৈ মন্ত্রী পীয়ূষ হাজৰিকাই ইয়াকো অৱগত কৰে যে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত মুঠ ১,৫৭৭.৫৮ হেক্টৰ ভূমি এতিয়াও বেদখলৰ কবলত আছে৷ ইয়াৰে কাছাৰ জিলাত ৪০০ হেক্টৰ ভূমি, কৰিমগঞ্জ জিলাত ৩৭৭.৫৮ হেক্টৰ ভূমি আৰু হাইলাকান্দি জিলাত ৮০০ হেক্টৰ এলেকা ভূমি মিজোৰামে দখল কৰিছে৷ অসম চৰকাৰে এই বেদখলকৃত ভূমি মিজোৰামৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু চুবুৰীয়া ৰাজ্যখনৰ আগ্রাসনক বাধা দিবলৈ ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে৷ কৰিমগঞ্জ জিলাৰ মেধালিছেৰা আৰু ছটোৰভিৰবন্দ এলেকাত অসম আৰক্ষীয়ে ভূমি সুৰক্ষা বাহিনী মোতায়েন কৰিছে৷

একেদৰে কাছাৰ জিলাৰ লাইলাপুৰ, কুলিছেৰা আৰু জয়ডনপুৰ আদি বিশেষ এলেকাত ভূমি সুৰক্ষাৰ কাৰণে বন বিভাগ, আৰক্ষী আৰু জিলা প্রশাসন সষ্টম হৈ আছে৷ একেটা প্রশ্ণৰ উত্তৰতে মন্ত্রী পীয়ূষ হাজৰিকাই ইয়াকো উল্লেখ কৰে যে হাইলাকান্দি জিলাত মিজো আগ্রাসনকাৰীয়ে ভূমি দখলৰ বাবে চলোৱা চেষ্টাক মষিমূৰ কৰা হৈছে৷ এনে প্রচেষ্টাৰ বাবে অসম আৰক্ষী–বন বিভাগে ২০০ হেক্টৰ ভূমি মিজোৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে৷ তেওঁ ইয়াকো

উল্লেখ কৰে যে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তত্ত্বাৱধানত দুয়োখন ৰাজ্যৰ মাজত মন্ত্রী পর্যায়ৰ আলোচনা চলি আছে৷

You might also like