নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক মছজিদত আত্মঘাতী বোমা বিস্ফোৰণ; ২৮ জন লোকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী: বোমা বিস্ফোৰণে আকৌ এবাৰ জোকাৰি গ’ল পাকিস্তান। সোমবাৰে বিয়লি এটা মছজিদত বোমা বিস্ফোৰণ সংঘটিত হয়। পেছাৱৰৰ (Peshawar)  আৰক্ষী অঞ্চলত অৱস্থিত মছজিদত নামাজৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ। মছজিদত হোৱা বিস্ফোৰণৰ ফলত বহু লোকে প্ৰাণ হেৰুৱায়।

প্ৰতিবেদন অনুসৰি এই বিস্ফোৰণত ২৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫০ জনতকৈ অধিক লোক আহত হৈছে। ইপিনে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি আক্রমণকাৰীয়ে নামাজৰ সময়ত নিজকে বিস্ফোৰণ ঘটায়৷ এই বোমা বিস্ফোৰণত মছজিদৰ চাদ ভাঙি পৰে।

উল্লেখ্য যে এই বিস্ফোৰণত বহু কেইগৰাকী আৰক্ষীৰো মৃত্যু হৈছে। আহতসকলৰ বহুতৰে অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আৰু বহু লোকক উদ্ধাৰ কৰিব পৰা নাই। বিস্ফোৰণৰ পিছতে অঞ্চলটোত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে। বৰ্তমান পাকিস্তান সেনাই এই অঞ্চল ঘেৰাও কৰিছে।

You might also like