নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত প্ৰতিনিধিক ৰিংপিঠা-পাততদিয়া টোপোলা ভাতেৰে আপ্যায়নৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাভ গোহাঞিবৰুৱাৰ ওপজা জিলা লখিমপুৰত অনুষ্ঠিত কৰা হৈছে অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম অধিবেশনখনি৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে ৫ দিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অসম সাহিত্য সভাৰ এই অধিবেশন৷ অধিবেশনখনি সাফল্যমণ্ডিত কৰিবলৈ আদৰণী সমিতি,স্থানীয় সকলো দল সংগঠন আৰু স্থানীয় ৰাইজ উঠি-পৰি লাগিছে৷ আদৰণি সমিতি আৰু বিভিন্ন উপ সমিতি সমূহে ইতিমধ্যে যাৱতীয় কামকাজ দিনেনিশাই তুৰাম্বিত গতিত অব্যাহত ৰাখিছে৷ অতিথিৰ দৃষ্টিগোচৰ হোৱাকৈ নতুনকৈ সজাই তোলা হৈছে নাৰায়ণপুৰ নগৰখন৷ নগৰৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰা হৈছে লখিমপুৰ জিলাৰ সুযোগ্য সন্তান পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিমূৰ্ত্তি ৷ প্ৰতিখন ব্যৱসায়ী প্ৰতিষ্ঠান ঐক্য ৰঙেৰে ৰং কৰি জিলিকাই তুলিছে৷ প্ৰতিনিধি সকলৰ বাবে অসমীয়া থলুৱা খাদ্যসম্ভাৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিনিধিসকলে চাহপানীৰ লগত জুতি ল’বৰ বাবে নেপালী সম্প্ৰদায় লোকসকলে ৰিং পিঠা আৰু প্ৰতিনিধিৰ বাবে খামতিসকলৰ পৰম্পৰাগত সুস্বাদু খাদ্য পাততদিয়া টোপোলা ভাতৰ ব্যৱস্থা কৰিছে ৷ পাততদিয়া টোপোলা ভাতৰ বাবে ইতিমধ্যে খামতি গাৱঁৰ যুৱক সকলে পিতনি পুখুৰীৰ পৰা তৰাপাত কাটি আনি মজুত কৰি ৰাখিছে ৷ একেদৰে স্থানীয় ৰাইজে সাহিত্য সভাৰ অতিথিৰ বাবে হেঁচাপিঠা,ঘিলাপিঠা,সুতুলি পিঠা,তিলৰ লাৰু,নাৰিকলৰ লাৰু আদি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিছে৷ একে সময়তে চাৰিহাজাৰ লোকে খাব পৰাকৈ ব্যাগোম ভোজনালৈ কক্ষ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ৷ আটকধুনীয়াকৈ নিৰ্মাণ কৰি থকা হৈছে পতাকা বেদি৷ নাৰায়ণপুৰ- বান্দৰদেৱা ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আৰু নাৰায়ণপুৰ-বিহপুৰীয়াৰ ৰাজ্যিক ঘাই পথৰ পৰা সভাস্থলীলৈ নামি যাব পৰাকৈ সুন্দৰভাৱে দুই দিশে পকী পথ নিৰ্মাণ কৰা হৈছে ৷ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পথত পদ্ধতিগত ভাবে বাঁহৰ দ্বাৰা ত্ৰিভুজাকৃত্ৰিৰে তাত লাইট সংযোগ কৰি দেখনিয় কৰি তুলিছে ৷ অসমীয়াৰ বিশ্বাসৰ উপাসনা নামঘৰৰ উত্তৰ আৰু দক্ষিণ দিশত কেইবা সহস্ৰাধিক গ্ৰন্থমেলা,প্ৰদৰ্শনী,বানিজ্য বিপনী প্ৰস্তুত কৰা হৈছে ৷ নিৰ্মাণ কৰা হৈছে মূল সভাগৃহ আৰু সাংস্কৃতিক মঞ্চ৷ ইতিমধ্যে ৰাজ্য আৰু বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে পদাৰ্পণ কৰিছেহি অধিবেশনস্থলীত৷ সাহিত্য সভা অধিবেশন স্থলীৰ নিচেই সমিপত অতিক্ৰমেও চল্লিশ হাজৰ সৰু-বৰ বাহন থব পৰাকৈ সু-পৰিকল্পিত ভাবে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ৷ হেলিকপ্তাৰ অবতৰণ কৰিবলৈ হেলিপেড ইতিপূৰ্ব্বে নিৰ্মাণ সম্পৰ্ন্ন৷ অধিবেশনৰ যাৱতীয় কামকাজৰ অগ্ৰগতি আৰু ব্যৱস্থাপনা সন্দৰ্ভত বুজ লবলৈ ৰজাঘৰীয়া মন্ত্ৰী-সাংসদে ঢাপলিয়াই আহিছে বৰখামতি পথাৰলৈ ৷ অতিথিৰ বাবে পযাপ্ত শিবিৰ ব্যৱস্থা কৰা হৈছে৷ একপ্ৰকাৰে ক’বলৈ হলে যুদ্ধকালীনভাবে দিনে নিশাই অধিবেশনৰ কামত নিউজিত হৈ পৰিছে আদৰণী সমিতি,দল-সংগঠন আৰু স্থানীয় ৰাইজ ৷

মণিকাঞ্চন ক্ষেত্ৰৰ পৰা মাধুৰ্য দাস

You might also like