নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউলীয়া পাকিস্তান: মাত্র ৩ সপ্তাহৰ বাবে অত্যাৱশ্যকীয় সামগ্রী আমদানিৰ বাবে ধন হাতত পাকিস্তানৰ

  • পাকিস্তানী মুদ্রা সর্বকালৰ সর্বনিম্ন মূল্য
  • প্রতি আমেৰিকান ডলাৰৰ বিপৰীতে ২৬২ পাকিস্তানী টকা
  • প্রতি লিটাৰ পেট্র’লৰ মূল্য ২৪৯, ডিজেলৰ মূল্য ২২৮ টকা
  • পাকিস্তানৰ বিদেশী মুদ্রাৰ ভাণ্ডাৰ ৩.৫ বিলিয়ন মার্কিন ডলাৰ
  • মুদ্রাস্ফীতি ২৪.৫ শতাংশলৈ বৃদ্ধি

 

নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ ধাৰত পোত গৈছে পাকিস্তান৷ অর্থনৈতিকভাৱে বিধ্বস্ত হৈ পৰা পাকিস্তান সম্প্রতি দেউলীয়া হোৱাৰ পথত৷ ভয়াৱহ অর্থনৈতিক সংকটে পাকিস্তানৰ সাধাৰণ নাগৰিকৰ জীৱন যাপন জটিল কৰি তুলিছে৷ অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী দামে জনতাক ত্রাহি মধুসূদন দেখুৱাইছে৷ দুই দশকৰ ভিতৰত সর্বাধিক মুদ্রাস্ফীতি, নিম্ন জিডিপি আৰু বিদেশী পুঁজিৰ ভাণ্ডাৰ হ্রাস পোৱাৰ পৰিপ্রেক্ষিতত পাকিস্তানে এতিয়া আনৰ সাহায্যক লৈ অপেক্ষা কৰিবলগীয়া হৈছে৷ ধাৰত পোত যোৱা দেউলীয়া পাকিস্তানক উদ্ধাৰৰ বাবে ২০ বিলিয়ন মার্কিন ডলাৰৰ আর্থিক সাহায্য বিচাৰি ভিক্ষাৰ জোলোঙা লৈ আহ্বান প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফৰ৷ আন্তর্জাতিক মুদ্রা নিধি চমুকৈ আই এম এফে পাকিস্তানক সহায় কৰিবলগীয়া ১.১ বিলিয়ন মার্কিন ডলাৰ মুকলি কৰি দিবলৈ বিলম্ব কৰিছে৷ ইয়াৰ আঁৰত দেশখনৰ দেউলীয়া অর্থনীতি৷ আর্থিক সংকটৰ বাবে পাকিস্তানী টকাৰ মূল্য সর্বকালৰ সর্বনিম্ন হৈছে৷ প্রতি মার্কিন ডলাৰৰ বিপৰীতে পাকিস্তানী টকাৰ মূল্য ২৬২ হৈছে৷ ই হৈছে বিগত ২০ বছৰৰ ভিতৰত সর্বনিম্ন৷ পাকিস্তানী টকাৰ মূল্য দ্রুতগতিত অৱনমিত হোৱাৰ পৰিপ্রেক্ষিতত চৰকাৰে পেট্র’লিয়াম সামগ্রীৰ দাম বৃদ্ধি কৰিছে৷ প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলৰ দাম সম্প্রতি পাকিস্তানত ক্রমে ২৪৯ পাকিস্তানী টকা আৰু ২২৮ টকা৷ তথ্য মতে পাকিস্তানৰ বিদেশী মুদ্রাৰ ভাণ্ডাৰ মাত্র ৩.৫ বিলিয়ন মার্কিন ডলাৰ৷ এই ধনখিনিৰে দেশখনে মাত্র তিনি সপ্তাহ অত্যাৱশ্যকীয় সামগ্রী আমদানি কৰিবলৈ সামর্থ্য হ’ব৷ অর্থাৎ শীঘ্রেই আইএমএফকে ধৰি অন্য দেশে আর্থিক সাহায্য নিদিলে দেশখনৰ চৰকাৰ মহাসংকটত পৰিব৷

ইতিমধ্যে দেশখনৰ প্রধান চহৰসমূহত প্রচণ্ড বিদ্যুতৰ নাটনিয়ে লক্ষ লক্ষ লোকক আন্ধাৰৰ মাজত জীৱন যাপন কৰিবলৈ বাধ্য কৰাইছে৷ প্রধানমন্ত্রী শ্বৰীফে সকলো চৰকাৰী বিভাগক ব্যয় হ্রাস কৰিবলৈ নির্দেশ দিছে৷ আনকি চৰকাৰী কর্মচাৰীৰ দৰমহা ১০ শতাংশলৈ কর্তন কৰাৰ বিপৰীতে মন্ত্রালয় আৰু বিভাগৰ ব্যয় ১৫ শতাংশ কর্তন কৰা হৈছে৷ আনপিনে, মুদ্রাস্ফীতি ভয়ংকৰভাৱে বৃদ্ধি পাইছে৷ সম্প্রতি দেশখনৰ মুদ্রাস্ফীতি দুগুণ হৈ ২৪.৫ শতাংশ হৈছে৷ যাৰ পৰিণতিত অত্যাৱশ্যকীয় সা–সামগ্রীকে ধৰি আন সামগ্রীৰ মূল্য অভাৱনীয় ৰূপত বর্ধিত হৈছে৷ পাকিস্তানৰ দেউলীয়া অৱস্থাৰ বাবে শ্বৰীফ চৰকাৰে পূর্বৰ ইমৰান খান নেতৃত্বাধীন চৰকাৰক দোষাৰোপ কৰি আছে৷ ইমৰান খান নেতৃত্বাধীন চৰকাৰখনে দেশৰ আর্থিক অৱস্থা বিধ্বস্ত কৰি থৈছে৷

মন কৰিবলগীয়া যে ২০১৯ চনত দেশখনৰ বিত্তীয় ঘাটি ২৫.৩১ বিলিয়ন মার্কিন ডলাৰ আছিল৷ পৰৱর্তী সময়ত অৱশ্যে এই বিত্তীয় ঘাটি সামান্য হ্রাস কৰিবলৈ সক্ষম হৈছিল যদিও বর্তমান বিত্তীয় ঘাটি বৃদ্ধি পাইছে৷ ২০২১–২২ বিত্তীয় বর্ষত পাকিস্তানৰ বিত্তীয় ঘাটি ১২.২ শতাংশলৈ বর্ধিত হৈছে৷ দেশখনত ব্যয় বৃদ্ধিৰ বিপৰীতে ৰাজহ সংগ্রহ বৃদ্ধি কৰিবলৈ সক্ষম নোহোৱাৰ ফলতে আর্থিক জুৰুলা হৈছে৷ লক্ষণীয় যে বিগত বর্ষত পাকিস্তানত হোৱা প্রবল বানপানীয়ে দেশখনৰ অর্থনৈতিক স্থিতি বিধ্বস্ত কৰাত অন্যতম কাৰক হিচাপে চিহ্ণিত হৈছে৷ পৰৱর্তী ১২ মাহৰ ভিতৰত যদি ধাৰৰ পৰা সকাহ পাবলৈ পাকিস্তান চৰকাৰে ২০ বিলিয়ন মার্কিন ডলাৰ আর্থিক সাহায্য লাভ কৰিব নোৱাৰে, তেনেহ’লে পাকিস্তান মহাসংকটত পৰাটো নিশ্চিত৷

You might also like