নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিলিটাৰ ডিজেলত ৩৫ পইচাকৈ ভেট বৃদ্ধি

নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে যোৱা ২৪ জানুৱাৰীত জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে প্রতিলিটাৰ ডিজেলত ৩৫ পইচাকৈ ভেট বৃদ্ধি কৰিছে৷ বিত্ত বিভাগৰ প্রধান সচিব সমীৰ সিনহাই জাৰি কৰা এই অধিসূচনাৰ জৰিয়তে প্রতিলিটাৰ ডিজেলৰ বিপৰীতে ১৮.৩২ শতাংশকৈ ভেট বৃদ্ধি কৰা হৈছে৷ পূর্বে প্রতিলিটাৰ ডিজেলত ১৭.০৯ শতাংশ নির্ধাৰণ কৰা হৈছিল৷ অর্থাৎ এতিয়া প্রতিলিটাৰ ডিজেলৰ মুঠ ভেট হ’ব ১১.৫০ টকা৷ উল্লেখ্য যে ইয়াৰ জৰিয়তে ৪০–৫০ কোটি টকা ৰাজকোষে আয় কৰিব পাৰিব৷ জাৰি কৰা এই অধিসূচনা যোৱা ২৫ জানুৱাৰীৰ পৰা বলৱৎ হৈছে৷

You might also like