নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ পূজাৰ বতৰত সন্ত্রাসবাদীৰ ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা ব্যর্থ কৰিলে দিল্লী আৰক্ষীয়ে৷ পাকিস্তানী সন্ত্রাসবাদীৰ দ্বাৰা দেশৰ ৰাজধানী দিল্লী ৰক্তাক্ত হোৱাৰ পৰা ৰক্ষা পৰিল৷ দিল্লী আৰক্ষীৰ বিশেষ গোটে ৰাজধানী চহৰখনৰ পূব দিল্লীৰ লক্ষ্মীনগৰৰ পৰা পাকিস্তানী সন্ত্রাসবাদী এটাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছতেই ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা ব্যর্থ হ’ল৷ লক্ষ্মীনগৰৰ পৰা মঙলবাৰে দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰা পাকিস্তানী সন্ত্রাসবাদী মহম্মদ আশ্রফ ওৰফে আলীৰ পৰা আৰক্ষীয়ে এ কে–৪৭, পিষ্টল, হেণ্ডগ্রেনেড আৰু গুলী–বাৰুদ উদ্ধাৰ কৰে৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ উপ–আয়ুক্ত প্রমোদ কুশৱাহাই প্রকাশ কৰা মতে, পাকিস্তানৰ নাগৰিক মহম্মদ আশ্রফে বাংলাদেশ সীমান্ত শিলিগুৰিৰে ভাৰতত প্রৱেশ কৰি নতুন দিল্লীত বাহৰ পাতিছিল৷
বিহাৰৰ ভুৱা পৰিচয়–পত্রৰে দিল্লীৰ লক্ষ্মীনগৰত পীৰ বাবা হিচাপে থকা মহম্মহ আশ্রফে উত্তৰ প্রদেশৰ গাজিয়াবাদৰ বৈশালীৰ মহিলা এগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ বিগত ১০ বছৰ ধৰি পাকিস্তানী সন্ত্রাসবাদী আশ্রফে ভাৰতৰ ৰাজধানী দিল্লীৰ লগতে আজমেৰ, গাজিয়াবাদ, জম্মু আৰু উধামপুৰত বসবাস কৰি থকাৰো তথ্য আছে৷ উপ–আয়ুক্ত কুশৱাহাই প্রকাশ কৰা মতে, ৰাজধানী চহৰখনৰ পুৰণি দিল্লী আৰু লক্ষ্মীনগৰত আশ্রফে সলাই সলাই বসবাস কৰে৷ জালিয়াতিৰে ভাৰতীয় পৰিচয়–পত্র উলিয়াই লোৱা আশ্রফ পাকিস্তানৰ পঞ্জাব প্রদেশৰ বাসিন্দা৷
ভাৰতত ১০ বছৰ ধৰি বসবাস কৰি থকা আশ্রফক মঙলবাৰে অস্ত্রসহ গ্রেপ্তাৰ কৰাৰ পিছতেই পাকিস্তানী সন্ত্রাসবাদী সংগঠনে ভাৰতত কিদৰে আক্রমণৰ পৰিকল্পনা চলাই আহিছে, তাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ পাকিস্তানী সন্ত্রাসবাদী মহম্মদ আশ্রফক বেআইনী কার্যকলাপ আইন, বিস্ফোৰক আইন, অস্ত্র আইন আৰু বিভিন্ন আইনৰ অধীনত গ্রেপ্তাৰ কৰাৰ পিছত মঙলবাৰে দিল্লীৰ এখন আদালতত হাজিৰ কৰে আৰক্ষীৰ বিশেষ শাখাই৷ আদালতে পাকিস্তানী সন্ত্রাসবাদী আশ্রফক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷ দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাই পাকিস্তানী সন্ত্রাসবাদীটোৰ পৰা অনেক গোপন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷