নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্থসাৰথি মহন্তৰ নেতৃত্বত গুৱাহাটীত মটৰচাইকেল পেট্র’লিং

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ ৰাজধানী চহৰ গুৱাহাটীত সুৰক্ষিতভাৱে দুর্গা পূজা অনুষ্ঠিত কৰাৰ লক্ষ্যৰে মহানগৰ আৰক্ষীয়ে গ্রহণ কৰিছে বিশেষ পদক্ষেপ৷ গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত আজি মহানগৰীত উলিওৱা হয় মটৰচাইকেল টহলদাৰী গোট৷ যুটীয়া আয়ুক্তগৰাকীৰ সৈতে পূব গুৱাহাটী আৰক্ষী জিলাৰ ডি চি পি এছ বৰা, পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ ডি চি পি নৱনীল মহন্ত আৰু যান–বাহন আৰক্ষীৰ এ ডি চি পি ডি বৰাই এই টহলদাৰী গোটত অংশগ্রহণ কৰি মহানগৰীত বিভিন্ন স্থান পর্যবেক্ষণ কৰে৷

এই টহলদাৰী গোটটোৱে দুর্গা পূজাস্থলীসমূহত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে আৰু ক’ভিড প্রট’কল কোনেও ভংগ নকৰে সেই সন্দর্ভত বিশেষভাৱে দৃষ্টি ৰাখিছে৷

উল্লেখ্য যে মহানগৰ আৰক্ষীয়ে ইতিমধ্যে দুর্গা পূজা আয়োজক কমিটীসমূহক চৰকাৰে বান্ধি দিয়া নীতি–নির্দেশনাৰ মাজেৰে পূজা অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছে৷ পূজাস্থলীসমূহত যাতে ভক্তসমূহে মাস্ক পৰিধান কৰি আহে আৰু সামাজিক দূৰত্ব মানি চলে সেয়া নিশ্চিত কবিৰলৈ নির্দেশ দিছে৷ তদুপৰি দুর্গা পূজা উপলক্ষে যান–বাহন চলাচলৰ ক্ষেত্রতো নীতি–নির্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে৷

You might also like