নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোৱাটছএপত ধৰ্মনিন্দা, মহিলাক মৃত্যুদণ্ড

হোৱাটছএপ মেছেজত ধৰ্মনিন্দা কৰাৰ অভিযোগত এগৰাকী মহিলাক দিয়া হ’ল মৃত্যুদণ্ডৰ শাস্তি। পাকিস্তানৰ আনীকা আতিক নামৰ ২৬ বছৰীয়া মহিলাগৰাকীৰ বিৰুদ্ধে এজন যুৱকৰ সৈতে হোৱাটছএপত হজৰত মহম্মদৰ ব্যংগচিত্ৰৰে ধৰ্মনিন্দা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। আনীকাই সকলো অভিযোগ নস্যাত কৰিছিল যদিও তেওঁ দোষী সাৱ্যস্ত হয়। ছ’চিয়েল মিডিয়াতে লগ পোৱা যুৱকজনৰ সৈতে পাছলৈ বন্ধুত্ব ৰক্ষা কৰিব নিবিচৰাৰ বাবেই প্ৰতিশোধ ল’বলৈ যুৱকজনে আনীকাক এই কাণ্ডত সোমোৱাই বুলি বাৰে বাৰে কৈছিল আনীকাই। উল্লেখনীয় যে, পাকিস্তানত এতিয়ালৈ কাকো ধৰ্মনিন্দা কৰাৰ দোষত মৃত্যুদণ্ড বিহা হোৱা নাছিল যদিও এই অভিযোগ উঠাসকলৰ বেছিভাগেই ম’ব লিঞ্চিঙৰ বলি হয়।

You might also like