নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তানক স্তনপান কৰোৱাৰ ফটো দি চৰ্চাত অভিনেত্ৰী

কন্যা আভাৰ সৈতে ইনষ্টাগ্ৰামত বিশেষ ফটো এখন দি চমক সৃষ্টি কৰিছে ‘ইয়ে জৱানী হ্যে দিৱানী’ৰ অভিনেত্রী ইভলিন শর্মাই। কন্যাক স্তনপান কৰোৱাৰ ফটো দি অনুৰাগীক বুজাব বিচাৰিছে যে মাক হিচাপে সন্তানক স্তনপান কৰি তেওঁ নিজকে সম্পূর্ণ বুলি ভাবে।

 

View this post on Instagram

 

A post shared by Evelyn Sharma (@evelyn_sharma)

সন্তানক খুওৱা আৰু তাৰ হাঁহি থকা মুখখন দেখি যি আনন্দ পোৱা যায় সেয়াই উজাগৰে কটোৱা কত ৰাতিৰ ক্লান্তি পাহৰাই পেলায় বুলি মনোভাৱ ব্যক্ত কৰে অভিনেত্ৰীগৰাকীয়ে। এইগৰাকী অভিনেত্ৰীয়ে ২০২১ চনৰ ১২নৱেম্বৰত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰে। তাৰ পাছত সময়ে সময়ে তেওঁ কন্য়াৰ সৈতে বহু ফটো ইনষ্টাগ্ৰামত প্ৰকাশ কৰি আহিছে।

You might also like