নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শূন্য হৈ ৰ’ল নৃত্যমঞ্চ; জীৱন মঞ্চৰ পৰা বিদায় মাগিলে বিশিষ্ট কথক শিল্পী বিৰজু মহাৰাজে

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ নৃত্যশিল্পী বিৰজু মহাৰাজ আৰু নাই। দেওবাৰে নিশা নতুন দিল্লীস্থ বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে বিশিষ্ট কথক শিল্পীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।

প্ৰবীণ কথক শিল্পীগৰাকীক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰা হৈছিল। তেওঁ বিশ্বমঞ্চত ভাৰতক এক নতুন পৰিচয় আনি দিছিল। তেওঁ নৃত্যৰ ভংগী, চকুৰ যাদুৰে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিছিল।

খবৰ অনুসৰি বিৰজু মহাৰাজে দেওবাৰে নিশা তেওঁৰ নাতিৰ সৈতে খেলি আছিল। তেতিয়াই তেওঁৰ স্বাস্থ্য হঠাতে অৱনতি ঘটিছিল। তাৰপাছত তেওঁ অচেতন হৈ পৰিছিল, তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইফালে বিৰজু মহাৰাজৰ মৃত্যুৰ খবৰত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে সাংস্কৃতিক জগতৰ কলা-কুশলীয়ে ৷

You might also like