ক’ভিড–১৯ত আক্রান্ত ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাৰ মুৰব্বী ফিলিপ্প’ গ্রাণ্ডি
নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাৰ মুৰব্বী ফিলিপ্প’ গ্রাণ্ডি ক’ভিড–১৯ত আক্রান্ত হৈছে৷ জেনেভাত ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাই সপ্তাহজোৰা কার্যকৰী কমিটীৰ বৈঠকত অংশগ্রহণ কৰাৰ প্রথমটো দিনতেই গ্রাণ্ডি ক’ভিড পজিটিভ বুলি চিহ্ণিত হৈছে৷ সংস্থাটোত বার্ষিক কার্যনির্বাহকত প্রথমটো দিনত সোঁশৰীৰে উপস্থিত থকা গ্রাণ্ডিয়ে অৱশ্যে ক’ভিড পজিটিভ হ’লেও পৰৱর্তী দিনবোৰত ভিডি’ লিংকৰ জৰিয়তে কার্যনির্বাহক বৈঠকৰ কাম–কাজ চলাই যাব৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে গ্রাণ্ডিয়ে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্য সদৰী কৰিছে৷ অৱশ্যে শৰণার্থী সংস্থাৰ মুৰব্বীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি ঘোষণা কৰিছে সংস্থাটোৰ বিষয়ববীয়াই৷ জেনেভাস্থিত ৰাষ্ট্রসংঘৰ ভৱনৰ পৰা প্রথম দিনাখন প্রতিনিধিসকলক সম্বোধন কৰি ভাষণ দিছিল শৰণার্থী সংস্থাৰ মুৰব্বী গ্রাণ্ডিয়ে৷