নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিকচাৰ অভি বাকী হ্যেয় : মনোজ নাৰাৱানে

🔹 প্রাক্তন সেনা মুৰব্বীৰ মন্তব্যক লৈ দেশজুৰি ব্যাপক চর্চা

নিউজ ডেস্ক, ৮ মে’ : পিকচাৰ অভি বাকী হ্যেয়- মনোজ নাৰাৱানে । বৃহৎ প্রত্যাঘাতৰ পিছতে প্রাক্তন সেনাপ্রধানগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত এইদৰে উল্লেখ কৰে। পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ প্রতিশোধ ল’বলৈ পৰহি মাজনিশা পাকিস্তানত থকা জইছ–ই–মহম্মদ আৰু লস্কৰ–ই–তৈবাৰ ঘাটিত আক্রমণ চলায় ভাৰতীয় সেনাই৷ তিনিওটা সশস্ত্র বাহিনীয়ে যৌথভাৱে চলোৱা অভিযান ‘অপাৰেচন সিন্দূৰ’ৰ ফলত ধ্বংস হৈছে সন্ত্রাসবাদীৰ কেইবাটাও শিবিৰ৷ সন্ত্রাসবাদৰ বিৰুদ্ধে এই বৃহৎ অভিযানৰ পিছত কালি পুৱা বিস্ফোৰক বার্তা দিলে ভাৰতৰ প্রাক্তন সেনাপ্রধান মনোজ নাৰাৱানেই৷ প্রাক্তন সেনা প্রধানগৰাকীয়ে কয়– ‘পিকচাৰ অভি বাকী হ্যেয়’৷ স্বাভাৱিকতে প্রাক্তন সেনা মুৰব্বীগৰাকীৰ এই মন্তব্যক লৈ আৰম্ভ হৈছে বিভিন্ন মহলত চর্চা৷ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে পুনৰ বৃহৎ আক্রমণৰ প্রস্তুতি চলাইছে নেকি, তাক লৈ ইতিমধ্যে সৃষ্টি হৈছে কৌতূহল৷ উল্লেখনীয় যে ‘অপাৰেচন সিন্দূৰ’ক সফল অভিযান বুলি অভিহিত কৰিছে মোদী চৰকাৰে৷ আনকি এই অভিযানত নিহত হৈছে কুখ্যাত সন্ত্রাসবাদী মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ সদস্য আৰু তেওঁৰ চাৰিজন ঘনিষ্ঠ নেতাও৷ বিভিন্ন সংবাদ মাধ্যমে দাবী কৰা অনুসৰি, এই আক্রমণৰ ঘটনাত নিহত হৈছে কমপক্ষেও ৮০টা সন্ত্রাসবাদী৷ বৃহৎ এই প্রত্যাঘাতৰ পিছতে প্রাক্তন সেনাপ্রধানগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত উল্লেখ কৰিছে– ‘পিকচাৰ অভি বাকী হ্যেয়’৷ বিভিন্নজনৰ মতে, ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰিছে যদিও পুনৰ পাক ভূমিত আক্রমণ চলিব৷ তাৰ ইংগিত প্রাক্তন সেনা মুৰব্বীগৰাকীয়ে দিয়া বুলি দাবী কৰিছে বিভিন্নজনে৷

You might also like