নিয়মীয়া বাৰ্তা, ১৩ জুলাই : ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ বেটনাতি আৰক্ষী থানাৰ অন্তৰ্গত বুধিখামাৰ চ’কত আজি পুৱা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। ৰাস্তাৰ দাঁতিত ৰৈ থকা ট্ৰাকত পিছৰ পৰা খুন্দা মাৰে তীৰ্থযাত্ৰী কঢ়িওৱা বাছ এখনে। দুৰ্ঘটনাটোত ড্ৰাইভাৰসহিতে ৪ জন তীৰ্থযাত্ৰীৰ মৃত্য়ু হোৱাৰ লগতে ২০ জন আহত হয়। ইয়াৰ পিছতেই স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে আহত ব্য়ক্তিসকলক হাস্পতাললৈ নিয়াৰ ব্য়ৱস্থা কৰে। ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ট্ৰাকৰ চালকজনে ট্ৰাকখন লৈ পলায়ন কৰে। দুৰ্ঘটনাটোত বাছখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। তীৰ্থযাত্ৰী কঢ়িওৱা বাছৰ চালকজনৰ টোপনিৰ বাবে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে। বাছখন মুঠ ২৩ জন তীৰ্থযাত্ৰীসহ হায়দৰাবাদৰ পৰা গয়ালৈ গৈ আছিল। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাছখন থানালৈ লৈ যায় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।