নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰৰ ৰাজৌৰিত সেনা শিবিৰত দীপাৱলী উদযাপন প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰ: জম্মু–কাশ্মীৰৰ ৰাজৌৰিত সেনাৰ সৈতে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ২০১৪ চনত প্রথম কার্যকালৰ বাবে দেশৰ প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ সময়ৰে পৰা নৰেন্দ্র মোদীয়ে দীপাৱলী সেনাৰ সৈতে উদযাপন কৰি আহিছে৷

এইবেলি দীপাৱলী উপলক্ষে বৃহস্পতিবাৰে পুৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজৌৰি জিলাৰ নৌছেৰা ছেক্টৰত উপস্থিত হৈ কর্মৰত সেনাৰ সৈতে দীপাৱলী উদ্যাপন কৰে৷ সেনা জোৱানক দীপাৱলীৰ মিঠাই খুৱাই প্রধানমন্ত্রী মোদীয়ে সেনাৰ সাহস–বীৰত্বক অনুপ্রেৰণা জনায়৷

নৌছেৰা ছেক্টৰৰ সেনাৰ শিবিৰত জোৱানসকলক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– মা ভাৰতীৰ সুৰক্ষা কৱচ আমাৰ সেনা৷ আপোনালোকৰ কাৰণে দেশৰ জনতাই শান্তিৰে শুবলৈ সক্ষম হৈ আছে আৰু উৎসৱৰ সময়ত আনন্দৰে কটাইছে৷ আপোনালোকৰ সক্ষমতা আৰু শক্তিয়ে দেশৰ কাৰণে শান্তি আৰু সুৰক্ষা নিশ্চিত কৰে৷

মন কৰিবলগীয়া যে ২০১৪ চনৰ পৰাই প্রধানমন্ত্রী মোদীয়ে দেশৰ সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপনৰ পৰম্পৰা আগবঢ়াই নি আজি নৌছেৰা ছেক্টৰত সেনা জোৱানৰ সৈতে পোহৰৰ উৎসৱ উদযাপন কৰে আৰু তেওঁ কয়– আমাৰ সীমান্তত পহৰা দি থকা সেনাৰ সৈতে মই প্রতিবছৰে দীপাৱলী পালন কৰি আহিছোঁ৷ আজি মই আপোনালোকৰ কাৰণে কোটি কোটি ভাৰতীয়ৰ আশীর্বাদ লৈ আহিছোঁ আৰু আপোনালোকৰ সৈতে উদযাপন কৰিম৷ ছার্জিকেল ষ্টাইকত সেনাৰ ভূমিকাক ভূয়সী প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ছার্জিকেল ষ্ট্রাইকৰ সময়ত এই ব্রিগেডে যি ভূমিকা পালন কৰিছিল, তাক লৈ প্রতিগৰাকী ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে৷

নৌছেৰা ছেক্টৰত শ্বহীদ ব্রিগেডিয়াৰ ওছমান, নায়ক যদুনাথ সিং আৰু লেফটেনেণ্ট আৰ আৰ ৰানেসহ শ্বহীদসকলক শ্রদ্ধাঞ্জলি জনাই প্রধানমন্ত্রীগৰাকীয়্ কয় যে পৰিৱর্তিত বিশ্বত সেনাবাহিনীৰ শক্তিৰ প্রতি লক্ষ্য ৰাখি আমাৰ দেশেও সেনাক আধুনিকীকৰণৰ লগতে শক্তিশালী কৰি আছে৷ প্রতিৰক্ষা খণ্ডক আত্মনির্ভৰশীল কৰি তোলাৰ প্রসংগও উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে কিছু বছৰ পূর্বে নিৰাপত্তা বাহিনীৰ কাৰণে প্রতিৰক্ষা সামগ্রী ক্রয় কৰিবলৈ বহু বছৰ লাগিছিল৷ কিন্তু এতিয়া প্রতিৰক্ষা খণ্ডক আত্মনির্ভৰ কৰি তোলাৰ বাবেই ইয়াৰ পদ্ধতি সলনি হৈছে৷ আমদানিৰ ওপৰত নির্ভৰশীল প্রতিৰক্ষা খণ্ডটো এতিয়া আত্মনির্ভৰ হৈ উঠিছে৷ দেশীয়ভাৱে নির্মাণ কৰিব পৰা ক্ষমতা বৃদ্ধি হৈছে৷

আনপিনে ছার্জিকেল ষ্ট্রাইকৰ পাছত জম্মু–কাশ্মীৰত সন্ত্রাসবাদৰ কার্যকলাপ বৃদ্ধি কৰাৰ অনেক পদক্ষেপ চলাই আছে যদিও সেনাই উচিত প্রত্যুত্তৰ দি আছে বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে  দীপাৱলী জম্মু–কাশ্মীৰৰ নৌছেৰা ছেক্টৰৰ এল এ চিৰ সমীপৰ সেনা শিবিৰত উদযাপন কৰা প্রধানমন্ত্রী মোদীয়ে বিগত বর্ষত ৰাজস্থানৰ জয়ছালমাৰৰ লংগেৱালাত সেনাৰ সৈতে উদযাপন কৰিছিল৷ ইয়াৰ পূর্বে ২০১৯ চনত জম্মু–কাশ্মীৰৰে ৰাজৌৰি জিলাত, ২০১৮ চনত উত্তৰাখণ্ডৰ হার্ছিলৰ সেনা আৰু আই টি বি পিৰ জোৱানৰ সৈতে, ২০১৭ চনত জম্মু–কাশ্মীৰৰ গুৰেজ উপত্যকাৰ বন্দীপৰা জিলাত সেনা আৰু বি এছ এফৰ সৈতে, ২০১৬ চনত হিমাচল প্রদেশৰ আই টি বি পি জোৱানৰ সৈতে, ২০১৫ চনত পঞ্জাবৰ সীমান্তত আৰু ২০১৪ চনত প্রথমবাৰৰ বাবে ছিয়াছেনত সেনাৰ সৈতে দীপাৱলী উদযাপন কৰিছিল প্রধানমন্ত্রী মোদীয়ে৷

You might also like