নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্ৰেইনী ৰাষ্ট্ৰপতিৰে বাৰ্তালাপ, সমাধান সূত্ৰ দিছে নেকি মোদীয়ে

বিশেষ বাৰ্তা,৭মাৰ্চঃ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ দ্বাদশ দিন। আজি চাৰিখন ইউক্ৰেইনী চহৰত যুদ্ধ বিৰতি ঘোষণা কৰিছে ৰাছিয়াই। সাধাৰণ নাগৰিকক আন ঠাইলৈ স্থানান্তৰ হ’বলৈ সময় দি  তৃতীয়বাৰলৈ যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে। আনহাতে, ইউক্ৰেইনী ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰে দীঘলীয়া সময় বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰায় ৩৫ মিনিটৰ বাৰ্তালাপত ইউক্ৰেইন আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলৰ উদ্ধাৰত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে চুমিত আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ বাবেও কথা পাতে দুই ৰাষ্ট্ৰপ্ৰধানে। তদুপৰি, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনাৰে কি সমাধান সূত্ৰ উলিওৱা যায় তাকেলৈও কথা পাতে তেওঁলোকে।

You might also like