ফ্রান্সৰ বাষ্টিল দিৱসত অতিথি হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী
নিয়মীয়া বাৰ্তা, ৬ মে’: আগন্তুক জুলাই মাহত ইউৰোপীয় দেশ ফ্রান্স ভ্রমণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ১৪ জুলাইত পেৰিছত অনুষ্ঠিত হ’বলগীয়া বাষ্টিল দিৱসৰ পেৰেডত অতিথি হিচাপে অংশগ্রহণ কৰিব মোদীয়ে৷ আজি এই কথা ঘোষণা কৰিছে বিদেশ মন্ত্রালয়ে৷ লক্ষণীয়ভাৱে ফৰাছী সেনাৰ সৈতে বাষ্টিল দিৱসৰ পেৰেডত অংশগ্রহণ কৰিব ভাৰতীয় সেনায়ো৷ ভাৰত–ফ্রান্সৰ কৌশলপূর্ণ অংশীদাৰিত্বৰ ২৫ বছৰ সম্পূর্ণ হৈছে এইবাৰ৷ সেই উপলক্ষে ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্রনে আমন্ত্রণ জনাইছিল প্রধানমন্ত্রী মোদীক৷ সেই আমন্ত্রণত সন্মতি জনাইছে মোদীয়ে৷ মোদীৰ সন্মতিৰ ঘোষণাৰ পাছতে হিন্দী আৰু ফৰাচীত টুইট কৰিছে মেক্রনে৷ মেক্রনে টুইটাৰ বার্তাত লিখিছে এনেদৰে– ‘প্রিয় নৰেন্দ্র, পেৰিছত ১৪ জুলাইৰ পেৰেডত সসন্মানীয় অতিথি হিচাপে আপোনাক স্বাগতম জনাব পাৰিলে আমি সুখী হ’ম৷’