নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ তেলেংগানাৰ এগৰাকী অতিৰিক্ত আৰক্ষী আয়ুক্তক ৰাজ্যখনৰ দুর্নীতিবিৰোধী ব্যুৰ’ৰ বিষয়ববীয়াই গ্রেপ্তাৰ কৰিছে৷ হায়দৰাবাদত আৰক্ষী বিষয়াগৰাকীৰ বাসভৱনত তালাচী চলোৱাৰ সময়ত দুর্নীতিবিৰোধী ব্যুৰ’ৰ বিষয়ববীয়াই ৭০ কোটি টকাৰ সম্পত্তি আয়ৰ উৎস অবিহনে মজুত কৰিবলৈ বিষয়াগৰাকীয়ে সক্ষম হৈছিল বুলি অভিযোগ কৰিছে৷
উল্লেখনীয় যে দুর্নীতিবিৰোধী ব্যুৰ’ৱে য়েলামাকুৰি নৰসিংহ ৰেড্ডী নামৰ অতিৰিক্ত আৰক্ষী আয়ুক্তগৰাকীয়ে অনন্তপুৰত ৫৫ একৰ ভূমি ক্রয় কৰা বুলি অভিযোগ কৰিছে৷ ইয়াৰ উপৰি হায়দৰাবাদৰ চাৰিটাকৈ স্থানত ভূমি ক্রয় কৰিছে ৰেড্ডীয়ে৷ আয়ৰ সৈতে সামঞ্জস্যহীন এই সম্পত্তি ভয়ংকৰ কেলেংকাৰিৰ জৰিয়তে ৰেড্ডীয়ে নিজৰ নামত কৰিবলৈ সক্ষম হোৱা বুলি দুর্নীতিবিৰোধী বিভাগ ব্যুৰ’ৱে তথ্য লাভ কৰাৰ পিছত ৰেড্ডীক গ্রেপ্তাৰ কৰিছে৷
আৰক্ষী বিষয়াগৰাকীক এক বিশেষ আদালতত হাজিৰো কৰোৱায় দুর্নীতিবিৰোধী ব্যুৰ’ৱে৷ আদালতখনে ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰেড্ডীক৷