নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থেংক ইউ লজৰ দালাল চক্রৰে ঘনিষ্ঠ যোগাযোগ আছিল বিজেপি নেতা দিবন ডেকাৰ

এছআইৰ চাকৰি কেলেংকাৰিৰ জোৰদাৰ তদন্ত ক্রাইম ব্রাঞ্চৰ

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ  অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ যোৱা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাৰ এদিন পূর্বে মহানগৰীৰ গণেশগুৰিস্থিত থেংক ইউ লজত পৰীক্ষাৰ মক টেষ্ট হোৱাৰ কথা স্বীকাৰ কৰিছে লজটোৰ স্বত্বাধিকাৰীসহ দালাল চক্রই৷ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ তদন্তকাৰী বিষয়াৰ মাৰাথন জেৰাত এটা এটাকৈ বহু কথা স্বীকাৰ কৰিছে দালাল চক্রটোৱে৷ ধনৰ বিনিময়ত থেংক ইউ লজত এছ আই পদৰ পৰীক্ষাৰ আখৰা চলাৰ কথা স্বীকাৰ কৰাৰ পাছতে ক্রাইম ব্রাঞ্চে আজি লজটোৰ চাৰি স্বত্বাধিকাৰী ক্রমে অকলেশ বৈশ্য, প্রাঞ্জল শর্মা, বিমল থাপা, প্রণৱ শর্মা, দুই প্রবন্ধক অশোক দাস, ধ্রুৱজ্যোতি দাস আৰু অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’চৰ (এছ টি এফ) কনফিডেন্সিয়েল এছিছটেণ্ট সঞ্জীৱ শর্মাক গ্রেপ্তাৰ কৰে৷ ধৃত আটাইকেইজনকে বৃহস্পতিবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ক্রাইম ব্রাঞ্চৰ তদন্তকাৰী বিষয়াই৷ আদালতত ক্রাইম ব্রাঞ্চে থেংক ইউ লজৰ পৰা জব্দ কৰা এডমিট কার্ড, হার্ডডিস্ক, ব’ৰ্ড আদি জমা দিয়ে৷ ক্রাইম ব্রাঞ্চৰ এক সূত্রই জনোৱা মতে, থেংক ইউ লজৰ প্রবন্ধক ধ্রুৱজ্যোতি দাসক বাদ দি বাকী আটাইকেইজনকে আদালতে ৫ দিনৰ বাবে তদন্তকাৰী শাখাটোৰ জিম্মাত দিয়ে৷ ক্রাইম ব্রাঞ্চৰ সূত্রটোৱে জনোৱা মতে, যোৱা ১৯ ছেপ্টেম্বৰত থেংক ইউ লজত এছ আই পদৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ধনৰ বিনিয়মত ব্যৱস্থা কৰি দিছিল লজটোৰ স্বত্বাধিকাৰীকেইজনে৷ সিদিনা হোটেলখনত প্রায় ৫০জন চাকৰি প্রার্থীক ধনৰ বিনিময়ত পৰীক্ষাত বহিবলৈ সুবিধা কৰি দিয়া হৈছিল৷ দালাল চক্রটোৱে এই চাকৰি প্রার্থীসকলৰ পৰা ৮ৰ পৰা ১০ লাখ টকা লৈ এছ আই পদৰ চাকৰি দিয়াৰ বন্দৱস্তি কৰিছিল৷ সেইমর্মে যোৱা ২০ ছেপ্টেম্বৰত অনুষ্ঠিতব্য আনুষ্ঠানিক পৰীক্ষাৰ এদিন পূর্বে পৰীক্ষাৰ আখৰা চলিছিল৷ ধনৰ বিনিময়ত এছ আই পদৰ চাকৰি দিয়া ঘটনাত বিজেপি নেতা দিবন ডেকা জড়িত থকাৰ কথাও থেংক ইউ লজৰ স্বত্বাধিকাৰীকেইজনে ক্রাইম ব্রাঞ্চৰ জেৰাত স্বীকাৰ কৰা বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ সেই অনুসৰি ক্রাইম ব্রাঞ্চে শীঘ্রেই জেৰাৰ বাবে দিবন ডেকাক মাতিব৷ এছ আই পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ ঘটনা সংক্রান্তত ভাৰতীয় দণ্ডবিধিৰ ৪১৮/৪২০ আৰু ১২০ (খ) ধাৰাত ৰুজু কৰা ১৩/২০২০ নম্বৰ গোচৰ সংক্রান্তত দিবন ডেকাক তদন্তকাৰী বিষয়াই সোধা–পোছা কৰিব৷

উল্লেখ্য যে এই গোচৰত ক্রাইম ব্রাঞ্চে ইতিমধ্যে জলসিঞ্চন বিভাগৰ নিম্নবর্গৰ সহায়ক যুগামী ব্রহ্মক গ্রেপ্তাৰ কৰিছে৷ যুগামী ব্রহ্মৰ ম’বাইলৰ কল লিষ্টৰ আধাৰত শুৱালকুছিৰ বামুন্দীৰ পৰা কুশল দাস নামৰ দালাল এজনকো ক্রাইম ব্রাঞ্চে গ্রেপ্তাৰ কৰিছে৷ উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত মুঠ ৫৯৭টা এছ আই পদৰ লিখিত পৰীক্ষা ৰাজ্যৰ ১৫৪টা পৰীক্ষা কেন্দ্রত দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হৈছিল৷ কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱাৰ ১৫ মিনিট পাছতে প্রশ্ণকাকত ফাদিল হয়৷ ইয়াৰ পাছতে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰে পৰীক্ষা বাতিল কৰাৰ নির্দেশ দিয়ে৷ এই প্রশ্ণকাকত ফাদিলৰ ঘটনাত সাঙোৰ খাই পৰা এছ টি এফৰ কনফিডেন্সিয়েল এছিছটেণ্ট সঞ্জীৱ শর্মায়ো ক্রাইম ব্রাঞ্চৰ জেৰাত মুখ খুলিছে৷ ক্রাইম ব্রাঞ্চৰ সূত্রটোৱে জনোৱা মতে, বিতর্কিত বিজেপি নেতা দিবন ডেকাৰ লগত যোগাযোগ আছিল সঞ্জীৱ শর্মাৰ৷ ধনৰ বিনিময়ত সঞ্জীৱ শর্মাই কেইবাজনো চাকৰি প্রার্থীক এছ আই পৰীক্ষাৰ প্রশ্ণকাকত যোগান ধৰিছিল৷ এছ আই পদৰ চাকৰি বিক্রীৰ বাবদ প্রার্থীৰ পৰা সংগ্রহ কৰা কেইবালাখ টকা ভাগ–বাটোৱাৰা কৰাক লৈ দিবন ডেকা আৰু দালাল চক্রটোৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল৷ প্রশ্ণকাকত ফাদিলৰ ঘটনাত জড়িত হৈ অসম আৰক্ষীক কলংকিত কৰা সঞ্জীৱ শর্মাৰ মহানগৰীৰ নুনমাটি–জ্যোতিনগৰ কৈলাসপুৰৰ নিজা বাসগৃহৰ পৰা জলসিঞ্চন আৰু বন বিভাগৰ প্রশ্ণকাকতো উদ্ধাৰ হোৱালৈ দুয়োটা বিভাগৰ পৰীক্ষাতো কেলেংকাৰি হোৱাৰ আশংকা কৰা হৈছে৷ উল্লেখ্য যে জলসিঞ্চন বিভাগৰ ৬৪৩ পদৰ পৰীক্ষা পাতিছিল উত্তৰ প্রদেশত বেক লিষ্টেড এটা প্রতিষ্ঠানে৷ এই প্রতিষ্ঠানটোৰে মিলি জলসিঞ্চন বিভাগৰ চাকৰি সঞ্জীৱ শর্মাই বিক্রী কৰা বুলি সন্দেহ কৰা হৈছে৷ কাৰণ জলসিঞ্চন বিভাগৰ পৰীক্ষাৰ প্রশ্ণকাকত প্রার্থীক ঘৰলৈ আনিবলৈ দিয়া হোৱা নাছিল৷ এনে প্রেক্ষাপটত আৰক্ষী বিভাগৰ নাক কটা সঞ্জীৱ শর্মাৰ ঘৰত কিদৰে জলসিঞ্চন বিভাগৰ পৰীক্ষাৰ প্রশ্ণকাকত উদ্ধাৰ হ’বলৈ পালে বুলি প্রশ্ণ উত্থাপন হৈছে৷ ক্রাইম ব্রাঞ্চে সঠিকভাৱে তদন্ত কৰিলে জলসিঞ্চন বিভাগৰ পৰীক্ষাতো ধনৰ লেনদেন হোৱাৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

এছটিএফৰ কর্মচাৰী সঞ্জীৱ শর্মাক নিলম্বন
এছ আই পৰীক্ষাত জড়িত থকাৰ অভিযোগত ক্রাইম ব্রাঞ্চৰ হাতত গ্রেপ্তাৰ হোৱা অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’চৰ কনফিডেন্সিয়েল এছিছটেণ্ট সঞ্জীৱ শর্মাক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে৷ তেওঁ স্পেচিয়েল টাস্ক ফ’চত ডেপুটেচনত কর্মৰত হৈ আছিল৷

লেপটপ, পেন ড্রাইভৰ সন্ধানত এপল’ হাস্পতালতো আৰক্ষীৰ অভিযান
ইফালে আজি নিশা ক্রাইম ব্রাঞ্চে মহানগৰীৰ এপল’ হাস্পতালত অভিযান চলায়৷ প্রশ্ণকাকত ফাদিলৰ গোচৰত গ্রেপ্তাৰ হোৱা থেংক ইউ লজৰ স্বত্বাধিকাৰী অলকেশ বৈশ্য, প্রণৱ বৰা আৰু প্রাঞ্জল শর্মাক লগত লৈ ক্রাইম ব্রাঞ্চৰ দলে হোটেলখনত অভিযান চলায়৷ এটা লেপটপ আৰু এটা পেন ড্রাইভৰ সন্ধানত ক্রাইম ব্রাঞ্চে এপল’ হাস্পতালত অভিযান চলায়৷ ক্রাইম ব্রাঞ্চৰ সূত্রই জনোৱা থেংক ইউ লজৰ এই তিনি স্বত্বাধিকাৰীয়ে এপল’ হাস্পতালত চাকৰি কৰিছিল৷ হাস্পতালখনৰ কম্পিউটাৰ, লেপটপত প্রশ্ণকাকত আৰু প্রার্থীৰ এডমিট কার্ড প্রস্তুত কৰিছিল৷

You might also like