🔹 দেশৰ জনতাক পুনৰ মাধমাৰ এনপিপিএৰ
নিউজ ডেস্ক, ১৬ অক্টোবৰ : অভাৱনীয়ভাৱে মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পোৱাত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ সম্ভাৱনাৰ মাজতে দেশৰ সাধাৰণ জনতালৈ আন এক মাধমাৰ৷ ছেপ্টেম্বৰ মাহত মুদ্রাস্ফীতি ৯.২৪ শতাংশলৈ বৃদ্ধি পোৱাত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য বৃদ্ধি হোৱাটো প্রায় নিশ্চিত হোৱাত ইতিমধ্যে মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতালৈ আন এক অশনি সংকেত কঢ়িয়াই আনিছে৷ ইয়াৰ মাজতে দেশৰ সাধাৰণ জনতা প্রধানতঃ ৰোগীসকললৈ দুঃখবৰ৷ অত্যাৱশ্যকীয় কেইবাবিধো ঔষধৰ মূল্য একেকোবে ৫০ শতাংশ বৃদ্ধি কৰা হৈছে৷ এজমা, যক্ষ্মা, থেলাছেমিয়াকে ধৰি কেইবাটাও ৰোগৰ নিত্য–ব্যৱহৃত ঔষধৰ মূল্য ৫০ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথ’ৰিটী, চমুকৈ এনপিপিএই৷ ঔষধ প্রস্তুতকাৰী সংস্থাসমূহৰ চাপৰ সন্মুখীন হৈ এনপিপিএয়ে অত্যাৱশ্যকীয় ঔষধৰ মূল্যবৃদ্ধি কৰাত সাধাৰণ জনতাক মাধমাৰ শোধোৱা হৈছে৷ এনপিপিএই বিবৃতিযোগে ঔষধৰ মূল্য ৫০ শতাংশ বৃদ্ধি কৰাৰ আঁৰত এই ঔষধসমূহ প্রস্তুত কৰোঁতে ব্যৱহৃত কেঁচা সামগ্রীৰ মূল্য বৃদ্ধি হোৱাটো উল্লেখ কৰিছে৷ উৎপাদন খৰচ বৃদ্ধিৰ লগতে মুদ্রা বিনিময়ৰ হাৰ বৃদ্ধিকে ধৰি বিভিন্ন কাৰণত ঔষধকেইবিধৰ দাম বৃদ্ধি হোৱা বুলি যুক্তি প্রদর্শন কৰিছে এনপিপিএই৷ এই সিদ্ধান্তত ৫০ শতাংশ মূল্যবৃদ্ধি হোৱা ঔষধৰ ভিতৰত আছে বেক্টেৰিয়াৰ দ্বাৰা সংক্রমিত ৰোগত ব্যৱহৃত বেনজাইন, পেনিচিলিন, হূদস্পন্দনত ব্যৱহৃত এট্র’পিন ইনজেকচন, ষ্ট্রেপটোমাইচিন পাউডাৰ ইনজেকচন, ছালবুটাম ইনজেকচন, পিল’কার্পাইন, কেফাড্রক্সিল, ডেচফেৰি’ অক্সামাইন, লিথিয়াম টেবলেট আদি৷ উল্লেখ্য যে এই ঔষধকেইবিধৰ দাম ২০১৯ আৰু ২০২১ চনতো প্রায় ৫০ শতাংশ বৃদ্ধি কৰা হৈছিল৷ মন কৰিবলগীয়া যে চলিত বর্ষৰ এপ্রিল মাহত পেৰাচিটামলসহ প্রায় ৮০০বিধ ঔষধৰ দাম বৃদ্ধি কৰাৰ পাছত কেন্দ্রীয় চৰকাৰৰ পুনৰ অত্যাৱশ্যকীয় ঔষধত ৫০ শতাংশ মূল্যবৃদ্ধিৰ সিদ্ধান্তই দেশৰ জনগণক ত্রাহি মধুসূদন সোঁৱৰাইছে৷