নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত দেশৰ দীর্ঘতম সাগৰীয় দলং ‘অটল সেতু’ মুকলি প্রধানমন্ত্রী মোদীৰ

🔹 ডেৰ ঘণ্টাৰ যাত্ৰা ২০ মিনিটত !

🔹 এতিয়াৰ ভাৰত যুৱ শক্তিৰ ভাৰত : মোদী

বিশেষ বাৰ্তা, ১২ জানুৱাৰী : দেশৰ দীর্ঘতম সাগৰীয় দলং ‘অটল সেতু’ দেশবাসীক অর্পণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মহাৰাষ্ট্রৰ মুম্বাইৰ চেৱৰী আৰু ৰায়গড় জিলাৰ নাৱাসেৱা অঞ্চল সংযোগী সমুদ্র দলং ‘অটল সেতু’ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে প্রধানমন্ত্রী মোদীয়ে৷ ১৭৮৪০ কোটি টকা ব্যয়সাপেক্ষে নির্মিত দক্ষিণ মুম্বাই–নৱী মুম্বাই সংযোগী ২১.৮ কিলোমিটাৰ দৈর্ঘ্যৰ সাগৰীয় দলংখন আজি বিয়লি প্রধানমন্ত্রী মোদীয়ে মুকলি কৰে৷ মুম্বাই ট্রেন্স হার্বাৰ লিং চমুকৈ এমটিএইচএল দেশৰ দীর্ঘতম সাগৰীয় দলংখনৰ নাম অটল বিহাৰী বাজপেয়ী সেৱৰী–নাৱা সেৱা অটল সেতু হিচাপে নামকৰণ কৰা হৈছে৷ সংক্ষেপে ‘অটল সেতু’ বুলি জনাজাত হ’ব। এই দীর্ঘতম সমুদ্র দলংখনৰ দৈর্ঘ্য ২১.৮ কিলোমিটাৰ৷ ইয়াৰে সাগৰৰ ওপৰত ১৬.৫ কিলোমিটাৰ আৰু স্থলভাগত প্রায় ৫.৫ কিলোমিটাৰ৷ ৬ লেনযুক্ত দলংখনেৰে পূর্বৰ দুঘণ্টাৰ যাত্রা মাত্র ১৫–২০ মিনিটৰ ভিতৰত সম্পূর্ণ কৰিব পাৰিব৷ এই সাগৰীয় দলংখনেৰে মুম্বাই আন্তর্জাতিক বিমানবন্দৰ আৰু নৱী মুম্বাই আন্তর্জাতিক বিমানবন্দৰৰ সংযোগ ব্যৱস্থা অধিক শক্তিশালী হ’ব৷ মুম্বাইৰ পৰা পুনে, গোৱা আৰু দক্ষিণ ভাৰতলৈ যাত্রাৰ সময়ো হ্রাস পাব৷ ইয়ে মুম্বাই বন্দৰ আৰু জৱাহৰলাল নেহৰু বন্দৰৰ মাজত যোগাযোগ উন্নীত কৰিব৷ মুম্বাই আৰক্ষীয়ে চাৰিচকীয়া বাহনৰ বাবে উচ্চতম গতিবেগ প্রতিঘণ্টাত ১০০ কিলোমিটাৰ নির্ধাৰণ কৰি দিছে৷ অটল সেতুৰ ওপৰেৰে মটৰ বাইক, অট’ৰিক্সা আৰু ট্রেক্টৰ চলাচলত অনুমতি দিয়া নহয়৷ চাৰিচকীয়া বাহনে প্রতিঘণ্টাত ১০০ কিলোমিটাৰ গতিত চলিব পাৰিব যদিও দলংখনৰ আৰম্ভণি আৰু শেষত এই গতিবেগ প্রতিঘণ্টাত ৪০ কিলোমিটাৰ নির্ধাৰণ কৰা হৈছে৷ তাৎপর্যপূর্ণ যে যাত্রীবাহী বাহনে ৱান ৱে ট’ল ব্রীজত আঢ়ৈশ টকাকৈ মাচুল ভৰিব লাগিব৷ চহৰাঞ্চলৰ পৰিবহণ আন্তঃগাঁথনি আৰু সংযোগ ব্যৱস্থা শক্তিশালীকৰণেৰে নাগৰিকৰ বাবে যাতায়াত উন্নীতকৰণৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভিজনক প্রাধান্য দিয়েই মুম্বাইৰ অটল সেতুখন নির্মাণ কৰা হৈছে৷ ২০১৬ চনৰ ডিচেম্বৰত প্রধানমন্ত্রী মোদীয়ে আধাৰশিলা স্থাপন কৰা অটল সেতু আনুষ্ঠানিকভাৱে মুকলিও কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ অটল সেতু মুকলি কৰাৰ উপৰি প্রধানমন্ত্রী মোদীয়ে ৰাজ্যখনত প্রায় ৩৪ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰে৷ আনপিনে, ৰাজ্যখনৰে নাছিকৰ তপোবনত আয়োজিত ৰাষ্ট্রীয় যুৱ মহোৎসৱ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এতিয়াৰ ভাৰত যুৱ শক্তিৰ ভাৰত বুলি মন্তব্য কৰে৷ দাসত্বৰ বান্ধোনৰ পৰা নতুন শক্তিৰে উজ্জীৱিত মহান ভাৰতীয় স্বামী বিবেকানন্দৰ জন্মবার্ষিকীত তেওঁলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে প্রধানমন্ত্রী মোদীয়ে৷ নাছিকত প্রধানমন্ত্রী মোদীয়ে এক ৰোড শ্ব’তো অংশগ্রহণ কৰে৷

You might also like