নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ নতুন প্রকৰণক লৈ শংকিত বিশ্বঃ প্রধানমন্ত্রীৰ পর্যালোচনা বৈঠক

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ দক্ষিণ আফ্রিকা–বটছৱানাত ক’ভিডৰ নতুন প্রকৰণ চিনাক্ত হোৱাৰ পিছতেই বিশ্বজুৰি শংকাময় পৰিৱেশ সৃষ্টি হোৱাৰ সময়তেই আজি দেশৰ ক’ভিড–১৯ পৰিস্থিতিক লৈ উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ দেশৰ ক’ভিড পৰিস্থিতিৰ লগতে নতুন প্রকৰণ অ’মিক্রনক লৈ এই বৈঠকত বিতং আলোচনা কৰে প্রধানমন্ত্রী মোদীয়ে৷ অ’মিক্রন সন্দর্ভত দেশ অধিক সক্রিয় হোৱাৰ আৱশ্যকতাক প্রাধান্য দি প্রধানমন্ত্রী মোদীয়ে নতুন প্রকৰণৰ সংক্রমণৰ সম্ভাৱনাক লৈ আন্তর্জাতিক ভ্রমণৰ ক্ষেত্রত নিষেধাজ্ঞা পুনৰ বিবেচনা কৰাৰ ওপৰত গুৰুত্ব দিয়ে৷

বিশ্ব স্বাস্থ্য সংস্থাই কালি ক’ভিডৰ নতুন প্রকৰণক অ’মিক্রন নামকৰণ কৰি উদ্বিগ্ণ প্রকৰণ আখ্যা দিয়া সন্দর্ভতো প্রধানমন্ত্রী মোদীয়ে বৈঠকত উল্লেখ কৰি নতুন প্রকৰণে ভাৰতত কেনে পৰিস্থিতিৰ উদ্ভৱ ঘটাব পাৰে, তাৰ ওপৰত আলোচনা কৰে৷ প্রধানমন্ত্রী মোদীয়ে দেশবাসীক অধিক সজাগ আৰু সতর্ক হোৱাত প্রাধান্য দি মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ আহ্বান জনায়৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে আন্তর্জাতিক ভ্রমণকাৰীক সূক্ষ্ম নিৰীক্ষণ আৰু পৰীক্ষণত গুৰুত্ব দিবলৈ সংশ্লিষ্ট কর্তৃপক্ষসমূহক পৰামর্শ দিছে৷ অ’মিক্রনৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি মহাৰাষ্ট্র চৰকাৰে সকলো আন্তর্জাতিক বিমানযাত্রীক কোৱাৰেণ্টাইন বাধ্যতামূলক কৰিছে৷ দেশত কেইবাখনো ৰাজ্যই আন্তর্জাতিক বিমানযাত্রীৰ ক্ষেত্রত ক’ভিড প্রট’কল কঠোৰভাৱে বলৱতৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ দক্ষিণ আফ্রিকা, বটছৱানা আৰু হংকঙত অতি ভয়াৱহ বুলি প্রাৰম্ভিক ধাৰণা কৰা অ’মিক্রনৰ সংক্রমণ অতি দ্রুতগতিত সম্প্রসাৰিত হোৱাৰ ইংগিত বিজ্ঞানীয়ে দিয়াৰ পিছতেই বিশ্বৰ দেশসমূহ সতর্ক হৈছে৷

ইতিমধ্যে দক্ষিণ আফ্রিকাকে ধৰি আফ্রিকাৰ ছখন দেশৰ পৰা অহা বিমান সেৱা গ্রেট ব্রিটেইন, ইউৰোপীয় সংঘৰ বিভিন্ন দেশ আদিয়ে নিষিদ্ধ কৰিছে৷ ভাৰতেও শুকুৰবাৰে অহা ১৫ ডিচেম্বৰৰ পৰা আন্তর্জাতিক বিমান সেৱা পুনৰ মুকলি কৰা হ’ব বুলি ঘোষণা কৰি দক্ষিণ আফ্রিকাক এই সেৱাৰ পৰা বাদ দি ৰখা হৈছে৷ শেহতীয়াভাৱে অ’মিক্রনত আক্রান্ত লোক ব্রিটেইনত ধৰা পৰিছে৷

You might also like